...

দিল্লীত বাংলাদেশী খেদাৰ অভিযান বিজেপিৰ

Spread the love
  • ২৪ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

নতুন দিল্লী,১৩ মার্চঃ দিল্লী দখলৰ পিচতেই বাংলাদেশী খেদাৰ অভিযানত নামিছে বিজেপি চৰকাৰ। ৰাজধানী দিল্লীৰ বিভিন্ন প্রান্তত অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৪ গৰাকী অবৈধ বাংলাদেশীক। সমান্তৰালকৈ এই অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভাৰতীয় পৰিচয়পত্র। আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে যে কালি দক্ষিণ আৰু দক্ষিণ পূব দিল্লীৰ কেইবা ঠাইত আৰক্ষীয়ে অভিযান চলাই দক্ষিণ দিল্লীৰ পৰা ১৩ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে।

আনহাতে, দক্ষিণ-পূব দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ১১ জনক। আৰক্ষীয়ে সন্দেহ কৰামতে এইসকল আটায়ে অবৈধভাবে সীমান্ত পাৰ হৈ ভাৰতত আহি বসবাস কৰিছিল। ভুৱা পৰিচয়পত্ৰ তৈয়াৰ কৰি ভাৰতত প্ৰৱেশ কৰিছিল এইসকল অনুপ্ৰৱেশকাৰীয়ে। ইপিনে আৰক্ষীয়ে আন ১০ গৰাকী সন্দেহজনক বাংলাদেশীৰ নথি-পত্ৰৰ পৰীক্ষা কৰিছে। দিল্লীত চৰকাৰ সলনি হোৱাৰ পিচতে বাংলাদেশীক খেদাৰ অভিযানত নামি পৰিছে দিল্লীৰ বিজেপি চৰকাৰ। চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল উপ-ৰাজ্যপাল ভি কে চাক্সেনাই। সেই নির্দেশ অনুসৰি যোৱা ৮ মার্চত দিল্লীৰ বসন্তকুঞ্জ এলেকাত গঠন কৰা হৈছিল ‘জয় হিন্দ কেম্প’। এই কেম্পৰ জৰিয়তে সন্দেহজনক নাগৰিকৰ পৰিচয়পত্ৰ পৰীক্ষা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *