...

“জনগণৰ ব্যাপক সমৰ্থন আৰু উৎসাহে নিশ্চিত কৰিছে- বিজেপি মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে বৃহৎ জনাদেশৰ দিশে আগবাঢ়িছে”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Spread the love

“জনগণৰ ব্যাপক সমৰ্থন আৰু উৎসাহে নিশ্চিত কৰিছে- বিজেপি মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে বৃহৎ জনাদেশৰ দিশে আগবাঢ়িছে”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

 

• “কংগ্ৰেছৰ দিনত দুৰ্নীতি, অপব্যৱস্থা আৰু অব্যৱস্থাপনাই উন্নয়নৰ গতি স্থবিৰ কৰি ৰাখিছিল”: সোণোৱাল

চাইন অন ডেস্ক: 

"এনডিএ-ৰ প্ৰতি ৰাইজৰ আস্থা-বিশ্বাস অটল আৰু অবিচলিত!", আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিত 
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ক্ৰমে সুৰেন ফুকন আৰু সঞ্জয় কিষাণৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত ৰাইজৰ বিপুল মৰম-সঁহাৰিৰ সাক্ষী হৈ ৰয়|
"জনগণৰ এই ব্যাপক সমৰ্থন আৰু উৎসাহে নিশ্চিত কৰিছে যে- আমি তৃতীয়বাৰৰ বাবে বৃহৎ জনাদেশৰ দিশে আগবাঢ়িছোঁ", সোণোৱালে আজি
কয় |
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিগবৈৰ বালিজানত অনুষ্ঠিত জনসভাত ভাষণ প্ৰসংগত কয়, "প্রথমে মই ডিগবৈ সমষ্টিৰ ৰাইজৰ চৰণত মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ|
 যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে মোক আৰু আমাৰ দলক যি অকুণ্ঠ সমর্থন আগবঢ়াইছিল, তাৰ বাবে ম‍ই চিৰকৃতজ্ঞ| এইবাৰো মই আপোনালোকৰ ওচৰত আহিছোঁ আশীর্বাদ,
 সহযোগিতা আৰু সমৰ্থন বিচাৰি| এইবাৰ আমাৰ লক্ষ্য সুৰেন ফুকন ডাঙৰীয়াক অভিলেখ সংখ্যক ভোটেৰে জয়যুক্ত কৰোৱা| যোৱা ১০ বছৰত হোৱা উন্নয়ন-- ৰাস্তা, দলং, শিক্ষানুষ্ঠান, 
চিকিৎসা ব্যৱস্থা, বিদ্যুৎ, পানী, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্জ্বলা আঁচনিৰ সুফল আদিয়ে ৰাইজক যথেষ্ট উপকৃত কৰিছে| ঐতিহ্যমণ্ডিত ডিগবৈ শোধনাগাৰৰ উৎপাদন বৃদ্ধি বিজেপি
 মিত্ৰজোঁটৰ চৰকাৰৰ এক ডাঙৰ সফলতা| বহু বছৰ ধৰি কংগ্ৰেছৰ 
দিনত যিটো কাম হোৱা নাছিল, সেইটো আজি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত সম্পন্ন হৈছে| মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক বিশ্বমঞ্চলৈ আগবঢ়াই নিছে আৰু
 আমাৰ গামোচা আৰু সংস্কৃতিক মর্যাদা দিছে। ডিগবৈত অভিলেখ সংখ্যক ভোটেৰে সুৰেন ফুকন ডাঙৰীয়াক জয়যুক্ত কৰিম বুলি সংকল্প ল'বলৈ ৰাইজক আহ্বান জনালোঁ।"
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাকুম বিধানসভা সমষ্টিৰ বালিজান আৰু টেঙাপানীত বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় |
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, "২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ অংশ হিচাপে অহা ৯ এপ্ৰিল তাৰিখে মাকুম বিধানসভা সমষ্টিতো ভোটগ্রহণ অনুষ্ঠিত হ'ব|
 এই নিৰ্বাচনত মাকুমৰ ৰাইজে এগৰাকী সৎ, নিষ্ঠাবান আৰু জনসেৱাৰ বাবে উৎসৰ্গিত প্ৰতিনিধিক বাছি ল'ব লাগিব যিগৰাকীয়ে বিধায়ক হিচাপে সকলো শ্ৰেণীৰ লোকৰ বাবে সমদৃষ্টিৰে কাম কৰিব| 
আজি আপোনালোকে যি বিপুল উপস্থিতিৰে এই সভাত অংশগ্ৰহণ কৰিছে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ | এনডিএ সমর্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণ ডাঙৰীয়াক
 জয়যুক্ত কৰাৰ বাবে আপোনালোকে লোৱা দৃঢ় সংকল্পই এই সমষ্টিৰ ভৱিষ্যৎ সুদৃঢ় কৰিব | কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ত উন্নয়ন কিমান বেগত আগবাঢ়িব পাৰে, সেয়া ইতিমধ্যে
 চৌদিশে প্রতিফলিত হৈছে| মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা দহ বছৰত অসমৰ বিভিন্ন প্রান্তত যি উন্নয়নমূলক কাম হৈছে, সেয়া অভূতপূর্ব | আজি গাঁৱে গাঁৱে পকী ৰাস্তা,
 চাহ বাগিচালৈ সংযোগ, ভিতৰুৱা অঞ্চললৈ উন্নত যাতায়াত ব্যৱস্থা-- এই সকলো বিজেপি চৰকাৰৰ অৱদান | "
সোণোৱালে লগতে কয়, "কংগ্ৰেছৰ শাসনকালত দলটোৱে গাঁৱে-গাঁৱে পকী ৰাস্তা নিৰ্মাণ কৰিব নোৱাৰিলে | কংগ্ৰেছৰ শাসনকালত চাহ বাগিচাৰ লোকসকল উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল | 
দৰিদ্ৰ লোকৰ নামত আঁচনি আহিছিল, কিন্তু সেই আঁচনিৰ টকা কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজতেই আবদ্ধ আছিল | ইন্দিৰা আৱাস যোজনাৰ ৰূপায়ণৰ সময়ত বহু ক্ষেত্ৰত হিতাধিকাৰীৰ হাতলৈ 
পূৰ্ণ পুঁজি নহাৰ লেখিয়া অৱস্থাৰো সৃষ্টি হৈছিল| কংগ্ৰেছৰ দিনত দুৰ্নীতি, অপব্যৱস্থা আৰু অব্যৱস্থাপনাই উন্নয়নৰ গতি স্থবিৰ কৰি ৰাখিছিল। কিন্তু আজিৰ তাৰিখত দেশত কোনো পৰিয়াল যাতে
 ভোকত নাথাকে, তাৰ বাবে বিনামূলীয়া খাদ্য আঁচনিৰে কোটি কোটি লোকক উপকৃত কৰা হৈছে| বিজেপি চৰকাৰে বিশেষকৈ মহিলাসকলৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক 
আর্থিকভাৱে শক্তিশালীকৰিছে| নতুনকৈ গঠন হোৱা মাকুম সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক হিচাপে সঞ্জয় কিষাণক নির্বাচিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিয়াৰ
ঐতিহাসিক সুযোগ আপোনালোকৰ হাতত আছে। সঞ্জয় কিষাণ কেৱল এজন ৰাজনীতিবিদ নহয়-- তেওঁ এগৰাকী সমাজসেৱক, এগৰাকী শিল্পী, আৰু অত্যন্ত ভদ্ৰ ব্যক্তি।
তেওঁ সদায়ে ৰাইজৰ মাজত থাকি কাম কৰিছে | এনে এজন যোগ্য প্রার্থীক আপোনালোকে নিৰ্বাচিত কৰিলে এই সমষ্টিৰ উন্নয়ন সুনিশ্চিত। যোৱাটো লোকসভা নিৰ্বাচনত মোক যি মৰম আৰু আশীৰ্বাদ দিছিল, 
তাৰ বাবে মই আপোনালোকৰ প্ৰতি চিৰকৃতজ্ঞ। সেই একেই মৰম আৰু আশীর্বাদ সঞ্জয় কিষাণলৈ আগবঢ়াব বুলি ম‍ই আশা কৰোঁোঁ।"

Leave a Reply

Your email address will not be published. Required fields are marked *