...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° কেশৱানন্দ দেৱগোস্বামী স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

Spread the love

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড° কেশৱানন্দ দেৱগোস্বামী স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

‘একবিংশ শতিকাত শঙ্কৰদেৱ-মাধৱদেৱৰ প্ৰাসঙ্গিকতা’ শীৰ্ষক বক্তৃতানুষ্ঠান

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ’ ৰ উদ্যোগত আৰু ‘ড° কেশৱানন্দ দেৱগোস্বামী স্মৃতিৰক্ষা সমিতি’ ৰ সহযোগত কালি ২০ মাৰ্চত বিশ্ববিদ্যালয়ৰ ‘ইন্দিৰা মিৰি সভাকক্ষ’ ত এটি মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ ‘একবিংশ শতিকাত শঙ্কৰদেৱ-মাধৱদেৱৰ প্ৰাসঙ্গিকতা’ শীৰ্ষক বক্তৃতানুষ্ঠানটি উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই৷ উদ্বোধনী ভাষণত উপাচাৰ্যগৰাকীয়ে কেশৱানন্দ দেৱগোস্বামীৰ শিক্ষক ব্যক্তিত্ব আৰু বহুমুখী প্ৰতিভাৰ বিষয়ে সৰস আলোকপাত কৰে৷ শঙ্কৰদেৱ-মাধৱদেৱৰ সৃষ্টি সম্পৰ্কে গোস্বামীদেৱৰ অধ্যৱসায়ৰো অৱলোকন কৰি উপচাৰ্যগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানৰ মুখ্য আহ্বায়ক তথা ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ প্ৰাধ্যাপক ড° পল্লৱী ডেকা বুজৰবৰুৱাই আদৰণী ভাষণ প্ৰদান কৰি কেশৱানন্দ দেৱগোস্বামীৰ সান্নিধ্যৰ সোঁৱৰণ কৰি তেখেতৰ পাণ্ডিত্য আৰু ব্যক্তিত্বৰ বিষয়ে চমু অৱলোকন কৰে৷ বক্তৃতানুষ্ঠানৰ মূল বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° বিমল মজুমদাৰে শঙ্কৰদেৱ আৰু মাধৱদেৱৰ মহাজীৱনৰ বিভিন্ন দিশত গভীৰ অধ্যয়নপুষ্ট মননশীল আলোচনা আগবঢ়ায়৷ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ মানৱতাবোধৰ বাণী আৰু বিজ্ঞানসন্মত দৃষ্টিৰ বৰ্তমান সময়ত থকা গুৰুত্বৰ বিষয়ে বক্তাগৰাকীয়ে বিস্তৃতভাৱে আলোচনা কৰে৷ খাদ্য বিজ্ঞানৰ পৰা আৰম্ভ কৰি প্ৰকৃতি বিজ্ঞান,পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ চেতনা শঙ্কৰদেৱ আৰু মাধৱদেৱে ধৰ্মতত্ত্বৰ মাজেদি কেনেকৈ প্ৰকাশ কৰিছিল সেই সম্পৰ্কে বক্তাগৰাকীয়ে ভাষণত মনোগ্ৰাহীকৈ উল্লেখ কৰে৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই কেশৱানন্দ দেৱগোস্বামীৰ প্ৰতিভাৰ কেইবাটিও মোহনীয় দিশ উল্লেখ কৰে৷ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মৃৃণাল কুমাৰ বৰুৱাই আঁত ধৰা বক্তৃতানুষ্ঠানটিত ৰিজুমণি দত্তই এটি বৰগীত, উপাসনা বৰা আৰু অনুৰাধা চেতিয়াই এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰি পৰিৱেশটো প্ৰাণৱন্ত কৰি তোলে৷ গোস্বামীদেৱৰ স্মৃতিৰক্ষা সমিতিৰ হৈ নিটু গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়োৱা সমগ্ৰ অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° পৰমানন্দ মহন্ত, ড° প্ৰবীণ কুমাৰ গগৈ, অৱসৰপ্ৰাপ্ত বিষয়া ৰোহিণী কুমাৰ বুঢ়াগোহাঁই, গোস্বামীদেৱৰ পুত্ৰ দীপংকৰ গোস্বামী সহিতে পৰিয়ালবৰ্গ, আবৃত্তিকাৰ জিণ্টী শইকীয়া হাজৰিকাকে ধৰি বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী অধ্যাপক, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *