...

বগীবিলৰ ধনেখনা গাঁৱৰ পথৰ দুৰৱস্থা!

Spread the love

বগীবিলৰ ধনেখনা গাঁৱৰ পথৰ দুৰৱস্থা!

ফুটুকাৰ ফেনত পৰিণত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিশ্ৰুতি

চাইন অন ডেস্ক:

খোৱাং সমষ্টিৰ অন্তৰ্গত বগীবিল ধনেখনা গাঁৱত পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে গাঁওবাসীক। বগীবিল আৰক্ষী চকীৰ গাতে লাগি থকা প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাত এজাক বৰষুণৰ ফলতেই পিছল আৰু বোকাময়হৈ যাতায়তৰ বাবে জমৰ যাতনাত ভুগিছে গাঁওবাসীয়ে। বিগত দহ বছৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক বহু বাৰ কাকূতি-মিনতি কৰিও পথচোৱা যাতায়তৰ সুচল ব‍্যৱস্থা নকৰাৰ অভিযোগ গাঁওবাসীৰ। গাঁওবাসীৰ অভিযোগ অনুসৰি বিধায়ক চক্ৰধৰ গগৈয়ে সেই পথৰেই কেৱল বিবাহ-সবাহ খাবলৈ হে বহু বাৰ অহা যোৱা কৰে তথাপিও পথচোৱা উন্নয়নৰ বাবে ৰাইজে জনোৱা অনুৰোধৰ ক্ষেত্ৰত আওকাণ কৰি চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপিত কৰিছে চক্ৰধৰ গগৈৰ বিৰুদ্ধে। গাঁওবাসীয়ে সংবাদ মাধ‍্যমক জনোৱা অনুসৰি প্ৰায় দুই শতাধিক পৰিয়ালৰ বসতি অঞ্চলতো বিগত চাৰি দশক ধৰি বাৰিষাৰ কালত যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগি আহিছে। বৰষুণ দিলেই পথচোৱাৰে বিদ‍্যালয়লৈ যোৱাত অসুবিধাৰ সৃষ্টি হয় ছাত্র ছাত্ৰীৰ, বিদ‍্যালয়লৈ যোৱাৰ সময়ত বহু ছাত্র ছাত্ৰী পিচলি পৰি যাব নোৱাৰে বিদ‍্যালয়লৈ। ৰোগীৰ বাবে এখন এম্বোলেঞ্চ সোমাব নোৱৰাত একবিংশ শতিকাতো চাইকেল অথবা ঠেলাত ঠেলি নিব লগীয়া হয় বুলি সংবাদ মাধ‍্যমৰ আগত অৱগত কৰে। বিগত দহ বছৰে দুটাকৈ কাৰ্যকালত নিৰ্বাচনৰ পূৰ্বেই বিধায়ক চক্ৰধৰ গগৈয়ে পথচোৱাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা খুজি শাসনৰ গাদীত বহিছিল। কিন্তু অৱশেষত বিধায়ক গৰাকীৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰহে অভিযোগ গাঁওবাসীৰ। এতিয়া বাৰিষা কাল অহাৰ পূৰ্বেই ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক উক্ত পথচোৱাৰে যাতায়তৰ সুচল ব‍্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে বগীবিল ধনেখনা গাঁৱৰ ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *