...

ঢকুৱাখনা সমষ্টিত কোনে পাব কংগ্ৰেছৰ টিকট?

Spread the love

ঢকুৱাখনা সমষ্টিত কোনে পাব কংগ্ৰেছৰ টিকট?

 

প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজত আনন্দ নৰহ,ভোগেশ্বৰ লাগাচু
আৰু ড° সুৰজিত দলে

 

চাইন অন ডেস্ক:

অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । একপ্ৰকাৰ নিৰ্বাচনী জ্বৰত আক্ৰান্ত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা, কৰ্মী আৰু সমৰ্থকসকল।পিছপৰি ৰোৱা নাই ৭৭ নং ঢকুৱাখনা সমষ্টি। শাসকীয় দলটোৰ দখলত থকা সমষ্টিটোত পুনৰবাৰ নৱ কুমাৰ দলেই হব বিজেপিৰ প্ৰাৰ্থী।পিছে কংগ্ৰেছৰ কোন হব,তাকে লৈ চলিছে গুণাগুথা।শাসকীয় দলটোৱে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতিৰে পৰিকল্পিতভাৱে নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে যদিও এতিয়াও গুৰুত্বপূৰ্ণ সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী চূড়ান্ত হোৱা পৰিলক্ষিত হোৱা নাই।কংগ্ৰেছৰ
মজিয়াত টিকটকেন্দ্ৰিক তৎপৰতা আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে ঢকুৱাখনা সমষ্টিত।কংগ্ৰেছৰ পৰা ৬ জনকৈ প্রার্থিত্বপ্রত্যাশীয়ে দলীয় প্রার্থিত্ব বিচাৰি
জিলা কংগ্ৰেছ কমিটিৰ হাতত আবেদন কৰিছে যদিও সমষ্টিটোৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক এই যুঁজখনত অন্যতম প্ৰবল দাবীদাৰ ৰূপে আগত আছে দলৰ তিনিগৰাকীকৈ বিষয়ববীয়া।ইয়াৰ ভিতৰত প্ৰাৰ্থীত্বৰ দৌৰত অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি আনন্দ নৰহ, প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ ড° সুৰজিত দলে আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি ভোগেশ্বৰ লাগাচুৰ নাম দলীয় মহলত সঘনে চর্চা হোৱাৰ তথ্য পোৱা গৈছে। সমষ্টিৰ ঠায়ে ঠায়ে দেখা গৈছে তিনিওগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পোষ্টাৰ-বেনাৰ। উৎকণ্ঠাৰ মাজতে সমষ্টিটোৰ চুকে-কোণে প্রার্থিত্ব প্রত্যাশীসকলে ৰাইজৰ মাজলৈ গৈ নিজৰ গ্রহণযোগ্য প্রতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে।কংগ্ৰেছৰ টিকটৰ দৌৰত প্ৰবল দাবীদাৰ হিচাপে সন্মুখত আছে অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি তথা যুৱ প্ৰাৰ্থী আনন্দ নৰহ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘনিষ্ঠ নৰহে এইবাৰ ঢকুৱাখনাৰ পৰা প্ৰাৰ্থিত্ব লাভৰ আশাৰে সমষ্টিৰ অলিয়ে-গলিয়ে প্ৰচাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে।ঘৰে ঘৰে গৈ ৰাইজৰ সমস্যাৰ বুজ লৈ জনসম্পৰ্ক গঢ়াৰ অভিযানত ব্যস্ত হৈ আছে আনন্দ নৰহ।
এই সন্দৰ্ভত টিকট প্ৰত্যাশী আনন্দ নৰহে কয়, “ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন জনাইছো । মই আশাবাদী, দলে উপযুক্ত বুলি বিবেচনা কৰি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ঢকুৱাখনা বিধানসভা সমষ্টিৰ ৰাইজ, যুৱপ্ৰজন্ম, জাতি-জনগোষ্ঠীৰ বাবে নতুন ঢকুৱাখনা নিৰ্মান কৰিবৰ বাবে আগবাঢ়িছো । মই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ পালে গৌৰৱান্বিত হ’ম।তেওঁ লগতে কয়, “মই এই সমষ্টিটো বহু দিনৰ পৰা কাম কৰি আছো । সকলোৱে সমষ্টিটোত বি জে পি বিৰোধী কথা পাতি আছে । সমষ্টিটোৰ ভিতৰত ৰাইজৰ মাজত গৈ গম পালো যে সকলোৱে কৈছে বিজেপি দলে আঁচনিৰ নামত ধন দিছে যদিও এয়া আমাৰে টকা দিছে । বিজেপিৰ পৰা টকা ল’লেও আমি ভোটটো কংগ্ৰেছকে দিম । আমি দৃঢ় বিশ্বাসী এইবাৰ কংগ্ৰেছ চৰকাৰ আহিব । বি জে পি চৰকাৰ দিনত হৈ থকা মানুহৰ হাৰাশাস্তিখিনি দূৰ হ’ব ।” তেঁও আৰু কয় – “অসমৰ মানুহে হিন্দু মুছলমান বিচৰা নাই । একতাৰ অসম বিচাৰিছে । অসমৰ মানুহে জুবিনৰ হত্যাৰ উচিত তদন্ত বিচাৰিছে । এইবাৰ অসমৰ জনতাই কংগ্ৰেছক চৰকাৰত বহুৱাব ।” একেদৰেই কংগ্ৰেছৰ শক্তিশালী আন এগৰাকী টিকটৰ দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ ড° সুৰজিত দলে এইদৰে কয়, “মই এজন দাবীদাৰ।নিষ্ঠাসহকাৰে বহু দিন ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াই কাম কৰি আছো । মই যিহেতু দলৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য হিচাপে গোটেই অসমতে কাম কৰি আছো । বিশেষকৈ ডিমৰীয়া সমষ্টিত প্ৰতিটো চুকে-কোণে ঘূৰি মই জয়ী হোৱাটো নিশ্চিত কৰিছো ।” তেঁও আৰু কয় যে -ঢকুৱাখনা সমষ্টিৰ ৰাইজৰ মোৰ প্ৰতি থকা বিশ্বাস কেতিয়াও অথলে নাযায়।সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ ফলত সকলো সমীক্ষা আমাৰ পক্ষতে আছে । মই সদায়ে সমষ্টিবাসী ৰাইজৰ কাষত আছোঁ । ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে ঢকুৱাখনাবাসীৰ সেৱা কৰিবলৈ এইবাৰ দলে মোক এশ শতাংশ সুযোগ দিব বুলি মই বিশ্বাসী ।” দৃঢ় বিশ্বাসী প্ৰাৰ্থীগৰাকীয়ে কয়, “মই ইয়াত জিকিব পাৰিম । দলেও সমীক্ষা কৰিছে, প্ৰতিবেদন লৈ আশ্বস্ত হৈছে যে ইয়াতে মই জিকিব পাৰিম । বহুতেই ইয়াত প্ৰাৰ্থিত্ব বিচাৰিছে এই কথাই প্ৰমাণ কৰিছে কংগ্ৰেছৰ প্ৰতি আকৰ্ষণ বাঢ়িছে ৰাইজৰ ।ইপিনে কংগ্ৰেছ দলৰ হৈ সমষ্টিটোত টিকট বিচৰা প্ৰতিজন প্ৰাৰ্থীয়ে দলে নিৰ্বাচিত কৰিব বুলি আশাবাদী যদিও সময়লৈকে অপেক্ষা কৰিব লাগিব কংগ্ৰেছ দলে কাক ঢকুৱাখনা সমষ্টিত প্ৰাৰ্থী হিচাবে প্রক্ষেপ কৰে।টিকটকেন্দ্ৰিক যুঁজত কোনে মাৰিব শেষ হাঁহি।

Leave a Reply

Your email address will not be published. Required fields are marked *