...

ধুবুৰীত বিতৰ্কই ল’গ নেৰা হৈছে অগপক

Spread the love

ধুবুৰীত বিতৰ্কই ল’গ নেৰা হৈছে অগপক

ধুবুৰীত দলীয় টিকট বিচৰাক লৈ আৰম্ভ নতুন বিতৰ্কৰ

ধুবুৰী:

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যেন ধুবুৰীত নিত্য নতুন বিতৰ্কৰ সৃষ্টি হবলৈ লৈ ধৰিছে অসম গণ পৰিষদৰ ভিতৰচৰাত। দলটোৰ ধুবুৰী বিধান পৰিষদৰ কমিটি নতুনকৈ গঠন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক মাৰ নেযাওঁতেই ধুবুৰী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব বিচৰাৰ সংখ্যাক লৈ এইবাৰ সৃষ্টি হৈছে আন বিতৰ্কৰ। দৰাচলতে, যোৱাকালি ধুবুৰী বিধান পৰিষদৰ নতুন কমিটিৰ শপথ গ্ৰহণ অনুষ্ঠানৰ পিছত অগপৰ ধুবুৰী জিলা সভাপতিয়ে ধুবুৰীৰ পৰা ৭ গৰাকীয়ে দলীয় প্ৰাৰ্থীত্ব বিচৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্যক লৈ সৃষ্টি হৈছে নতুন এই বিতৰ্কৰ। উল্লেখ্য যে, বিগত ৪ ফেব্ৰুৱাৰীৰ কিনা আগন্তুক বিধানসভা নিৰ্বাচনত  ধুবুৰী বিধানসভা সমষ্টিত অসম গণ পৰিষদ (অগপ) দলৰ টিকট বিচাৰি সৰ্বমুঠ ৫ গৰাকীয়ে আবেদন কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছিল দলটোৰ ধুবুৰী বিধানসভা পৰিষদৰ পূৰ্বৰ কমিটিৰ সভাপতি দিলীপ কুমাৰ সৰকাৰে। আজি অগপৰ ধুবুৰীস্থ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সৰকাৰে প্ৰাৰ্থীৰ সংখ্যা ৫ গৰাকীৰ পৰা কিদৰে প্ৰাৰ্থী সংখ্যা ৭ গৰাকী লৈ বৃদ্ধি হ’ল সেয়া অৱগত নহয় বুলি দাবী কৰে আৰু সমান্তৰালকৈ দলটোৰ ৰাজ্যিক

xr:d:DAF_ZHtfhHo:3,j:5377719500964844382,t:24031312

নেতৃত্বৰ ওচৰলৈ প্ৰেৰণ কৰা ৫ জনীয়া তালিকা এখন উপস্থিত সংবাদকৰ্মী সকলক দেখুৱায়। ইপিনে, ৭ জনীয়া সেই নতুন তালিকাত বিজেপি দলৰ পৰা ধুবুৰী আসনখনত প্ৰাৰ্থীত্ব বিচাৰি বিমুখ হোৱা দুজন লোকৰ নাম সন্নিবিষ্ট কৰা হোৱা বুলি আজি সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰা পোৱা যায় স্থানীয় অগপ নেতা তথা দলটোৰ ভাষিক সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শিমুল সৰকাৰে। সৰকাৰে অইন দলৰ পৰা অহা লোকক ধুবুৰীত প্ৰাৰ্থীত্ব দিলে মানি লোৱা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰা পোৱা যায়। ইপিনে, ধুবুৰী বিধান পৰিষদ কমিটিক লৈ চলি থকা বিতৰ্ক এতিয়ালৈ অব্যাহত থকাৰ বিষয়টো স্পষ্ট কৰি আজিৰ সেই সংবাদমেলখনত পূৰ্বৰ কমিটিখনৰ সভাপতিৰ দায়িত্বত থকা দিলীপ কুমাৰ সৰকাৰে পূৰ্বৰ কমিটিখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই তথা সেই কমিটিখন ভংগ কৰা হোৱাৰ বিষয়টো অৱগত নকৰাকৈ কিদৰে নতুন আন এখন কমিটি গঠিত হল – সেয়া লৈ দলটোৰ কেন্দ্রীয় নেতৃত্বক অভিযোগ প্ৰদান কৰা হোৱা বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *