...

ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকৰ জাত সংৰক্ষণৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী

Spread the love

ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকৰ জাত সংৰক্ষণৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী

এশ কৃষকৰ যোগদান

চাইন অন ডেস্ক:

কৃষকৰ জাতসমূহৰ সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে “Protection of Farmers’ Varieties under the Protection of Plant Varieties and Farmers’ Rights Act (PPV&FRA), 2001” বিষয়ক এক প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী ১২ মাৰ্চত ডিব্ৰুগড়ৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ পৰা প্ৰায় এশ গৰাকীতকৈ অধিক কৃষকে অংশগ্ৰহণ কৰে।অনুষ্ঠানটো সঞ্চালনা কৰে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ মাটি বিজ্ঞান বিভাগৰ বিজ্ঞানী ডাঃ ববিতা তামুলীয়ে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় উদ্ভিদ প্ৰজনন আৰু জেনেটিক্স বিভাগৰ মুৰব্বী আৰু আই পি আৰ চেলৰ সমন্বয়ক ডা কিশোৰ কুমাৰ শৰ্মা, যোৰহাট; ডাঃ প্ৰকাশ বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ প্ৰকাশ বৰা, তিনিচুকীয়া শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডাঃ বিজিত সাউদ।ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰ জ্যেষ্ঠ বিজ্ঞানী তথা কেন্দ্ৰটো মুৰব্বী ডাঃ দেবজিৎ বৰঠাকুৰে আদৰণী ভাষন প্ৰদান কৰি কাৰ্যসূচীৰ উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। কৃষকৰ জাতসমূহ কেনেদৰে পঞ্জীয়ন কৰি সংৰক্ষণ কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে কৃষকে কেনেকৈ লাভান্বিত হ’ব পাৰে সেই বিষয়ে আলোচনা কৰে।ডাঃ কিশোৰ কুমাৰ শৰ্মাই উল্লেখ কৰে যে কৃষকসকলৰ পৰম্পৰাগত জ্ঞান আৰু দেশীয় কাৰিকৰী জ্ঞান (ITK) বহু সময়ত বাণিজ্যিক কোম্পানীসমূহে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ প্ৰকৃত অধিকাৰী কৃষকসকলে বহুক্ষেত্ৰত স্বীকৃতি নাপায়। তেওঁ কয় যে এই আইনখনৰ জৰিয়তে কৃষকৰ অধিকাৰ সুৰক্ষিত কৰা হয় আৰু উপযুক্ত স্বীকৃতি তথা লাভৰ অংশীদাৰিত্ব নিশ্চিত কৰা হয়।ডাঃ বিজিত সাউদে অৰ্থনৈতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰি অঞ্চলটোত বিদ্যমান চিট্ৰাছৰ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয় যে কৃষকসকলৰ দ্বাৰা সংৰক্ষিত জেনেটিক সম্পদ ব্যৱহাৰ কৰি “দিহিং” নামৰ নতুন পোমেলো জাতটো বিকাশ কৰা হৈছে বুলি কয়।ডাঃ দেবজিৎ বৰঠাকুৰে জীৱবৈচিত্ৰ্য সংৰক্ষণ আৰু জাৰ্মপ্লাজমৰ বৈশিষ্ট্য নিৰূপণৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰি বিশেষকৈ চাহৰ দৰে শস্যত নতুন জাত উদ্ভাৱনত ইয়াৰ ভূমিকা উল্লেখ কৰে। তেওঁ লগতে কয় যে স্থানীয়ভাৱে গুৰুত্বপূৰ্ণ নতুন বা কম পৰিচিত শস্যসমূহো এই আইনৰ অধীনত সুৰক্ষিত কৰিব পাৰি।আন্তঃক্ৰিয়ামূলক অধিৱেশনত কৃষকসকলে সম্পদ ব্যক্তিসকলৰ সৈতে সক্ৰিয়ভাৱে মতবিনিময় কৰে আৰু আদা আৰু শাক-পাচলিৰ জাৰ্মপ্লাজম PPV&FRAৰ অধীনত পঞ্জীয়ন কৰি সংৰক্ষণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। বিশেষজ্ঞসকলে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পৰ্কে প্ৰয়োজনীয় দিশনির্দেশনাও প্ৰদান কৰে।কাৰ্যসূচীত কৃষকসকলৰ সৈতে মত বিনিময় কৰা লগতে মতামত গ্ৰহণ কৰে ডাঃ সংগীতা বৰা শইকীয়া, শান্তনু পল আৰু কৰ্মা চেত্ৰীয়ে ডাঃ ববিতা তামুলিয়ে অনুষ্ঠানত উপস্থিত থকা সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটো সামৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *