বিশিষ্ট বৌদ্ধ পণ্ডিত,লেখক বৌউনথন গগৈৰ দেহাৱসান
চাইন অন ডেস্ক:
অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, গৱেষক, লিখক তথা বৌদ্ধ পণ্ডিত বৌউনথন গগৈৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰায় অৰ্ধেক মাহ চিকিৎসাধীন হৈ থকাৰ অন্তত কালি খোৱাংস্থিত তেখেতৰ ভগ্নীৰ ঘৰত নিশা ১০ বজাত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। গগৈয়ে অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত গৱেষকমূলক তথ্য তথ্য সম্বৃদ্ধ প্ৰবন্ধ পাতি লিখিছিল। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বি এ আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লোৱা বৌউনথন গগৈ বহুতো পাণ্ডুলিপি আৰু কিছু গ্ৰন্থ ছপাশালত ডিটিপি কৰাৰ অৱস্থাত এৰি থৈ গৈছে। নাগালেণ্ড সচিবালয়ৰ পৰা ডেপুটি চেক্ৰেটেৰী হিচাবে অৱসৰ গ্ৰহণ কৰি ডিব্ৰুগড়ৰ এটি ভাড়াঘৰত থাকি সাহিত্যচৰ্চা কৰি জীৱন কটোৱা গগৈৰ মৃত্যুত অসমে এজন অসাধাৰণ ব্যক্তি হেৰুৱালে। অবিবাহিত গগৈয়ে মৃত্যুৰ সময়ত চাৰি গৰাকী ভগ্নীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়।তেখেতৰ মৃত্যুত “ৰয়েল আহোম ছ’ছাইটি, “বৌদ্ধ ঐক্য সমাজ” অসম আৰু ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।