...

‘খাকী’ চালৈ আহিল বিজেপিৰ দলীয় ৰ্কৰ্মী!

Spread the love

‘খাকী’ চালৈ আহিল বিজেপিৰ দলীয় ৰ্কৰ্মী!

বিনামূলীয়াকৈ বাছ প্ৰদান কৰি চিনেমা দেখুৱালে বিধায়ক বিনোদ হাজৰিকাই

চাইন অন ডেস্ক:

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান সুচক মন্তব্য প্ৰকাশ কৰি বিতৰ্কত সোমাই পৰা জেষ্ঠ সাংবাদিক অতনু ভূঞাৰ দ্বাৰা নিৰ্মিত “খাকী” চলচ্চিত্ৰ অসমবাসী ৰাইজে এক প্ৰকাৰে বৰ্জন কৰাৰ পাছত এতিয়া দেখা গ’ল বিজেপিয়ে প্ৰতিটো মণ্ডল- বুথত বিনামূলীয়াকৈ বাছ প্ৰদান কৰি চিনেমা দেখুৱাবলৈ চেষ্টা কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়টো খাকী চলচ্চিত্ৰ খনে বিশেষ সমাদৰ লাভ নকৰাৰ লগতে একপ্ৰকাৰ প্ৰতিটো দৰ্শনীতে ফ্লপ হয়। অৱশেষত আজি লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই তেওঁৰ সমষ্টিৰ বুথ কমিটি সমুহক একোখনকৈ বাছ প্ৰদান কৰা লগতে খাকী চিনেমা চাবলৈ সুবিধা কৰি দিছে। তাৎপৰ্যপূৰ্ণ যে, এইবাৰ আগন্তুক নিৰ্বাচনত লাহোৱাল সমষ্টিৰ বিলুপ্ত ঘটাই চাবুৱা -লাহোৱাল সমষ্টি কৰাৰ বাবে বৰ্তমান পৰ্যন্ত প্ৰাৰ্থীত্ব লাভৰ ক্ষেত্ৰত কোনো নিশ্চিত হ’ব নোৱাৰা বিধায়ক বিনোদ হাজৰিকাই দলীয় কৰ্মী তথা সমষ্টি বাসীক বিনামূলীয়াকৈ খাকী দেখুৱাই মনোৰঞ্জন দি সৰ্মথন লাভ কৰাৰ চেষ্টা কৰা দেখা গৈছে। বিনামূলীয়া বাছ আৰু বিনামূলীয়াকৈ চিনেমা চোৱাৰ বাবে দলীয় কৰ্মকৰ্তা সকলক প্ৰদান কৰা বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন সকলো অসমবাসীয়ে আবেগেৰে আকোৱালি লোৱা লগতে ইতিমধ্যে কেইবাখনো অসমীয়া চলচ্চিত্ৰ মুক্তি লাভ কৰিলে যদিও বিজেপি দল বা লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু খাকীৰ ক্ষেত্ৰত কিয় এনে বৈষম্য বুলি সমালোচনা কৰিছে বিভিন্ন জনে। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত যে আন কোনো ৰহস্য লুকাই আছে,তাকো এই কাৰ্যই প্ৰতিফলিত কৰা বুলি চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *