...

এআইইউডিএফৰ প্ৰথম প্ৰাৰ্থী তালিকাত স্থান নাপালে

Spread the love

এআইইউডিএফৰ প্ৰথম প্ৰাৰ্থী তালিকাত স্থান নাপালে

ধুবুৰী আৰু বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম

চাইন অন ডেস্ক:

যোৱা ৯ মাৰ্চত এআইইউডিএফ দলে ঘোষণা কৰিছে ৯ জনীয়া প্ৰথমটো প্ৰাৰ্থী তালিকা। সেই প্ৰথমটো প্ৰাৰ্থী তালিকাখনত ধুবুৰী জিলাৰ মুঠ ৫টা বিধানসভা সমষ্টিৰ গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাসীপাৰা – এই তিনিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰিছে দলটোৱে। পিছে, এআইইউডিএফৰ প্ৰথমটো প্ৰাৰ্থী তালিকাত জিলাখন ধুবুৰী আৰু বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ নাম সন্নিবিষ্ট নোহোৱাটো কিন্তু বিশেষ তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। উল্লেখ্য যে, বীৰসিং জৰুৱা বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাবনা থকা প্ৰাক্তন কংগ্ৰছ নেতা তথা বিলাসাপাৰা পশ্চিমৰ দুইবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাঁই সম্প্ৰতি আনুষ্ঠানিক ভাবে এআইইউডিএফত যোগদান কৰিছে। কিন্তু, তেখেতে যোগদান কৰাৰ পিছ মূহুৰ্তৰে পৰা বীৰসিং জৰুৱা বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্ব পাব বুলি আশাবাদী হৈ থকা কেইগৰাকীমান এআইইউডিএফ নেতা তথা তেওঁলোকৰ অনুগামী সকলে মুকলি ভাবেই মিঞাঁৰ বিৰোধিতাত সৰব হৈ উঠা দেখা গৈছে। তাৰেই পৰিপ্ৰেক্ষিতত, একাংশ ৰাজনৈতিক বিশ্লেষকৰ দাবী যে, ক্ষুব্ধ সেইসকলৰ ক্ষোভ প্ৰশমিত হোৱালৈ বাট চাইছে এআইইউডিএফ নেতৃত্বই আৰু সেয়ে এই মূহুৰ্তত বীৰসিং জৰুৱা বিধানসভা সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰাৰ পৰা বিৰত আছে দলটোৱে। অনুৰূপে, ৰাজনৈতিক কৌশলৰ অংশৰূপেই এআইইউডিএফ দলে ধুবুৰীৰো প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই বুলি অনুমান কৰা হৈছে। অৱশ্যে, ধুবুৰীৰ পৰা বিগত দুটা বিধানসভা নিৰ্বাচনত ধাৰাবাহিক ভাবে বিজয়ী হৈ অহা নজৰুল হ’কে এইবেলি তৃতীয় বাৰৰ বাবে সমষ্টিটোৰ পৰা পুনৰ এআইইউডিএফৰ দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাবনাই অধিক। কিন্তু, নজৰুল হ’কে ধুবুৰী বিধানসভা সমষ্টিত কংগ্ৰেছ দলে কাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে তাৰ বাবেই অপেক্ষা কৰি পৰিস্থিতি লক্ষ্য কৰাৰ নীতি (wait and watch policy) গ্ৰহণ কৰা বুলিয়েই কিন্তু মত ৰাজনৈতিক বিশ্লেষক মহলৰ। সমান্তৰালকৈ, দলটোৰ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ বয়স হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তথা ক্ৰমশঃ এআইইউডিএফৰ সাংগঠনিক কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা লবলৈ লোৱা হ’কে আগলৈ গৈ এদিনা আজমলৰ স্থলাভিষিক্ত হোৱাৰ সম্ভাবনা নথকা নহয় বুলিও ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *