...

কলাখোৱা পানীমিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

Spread the love

কলাখোৱা পানীমিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত এটা বাসগৃহ সহ ধানৰ ভঁৰাল, দুটা গাহৰি সহ ২৫ টা হাঁহ

চাইন অন ডেস্ক:

আজি পুৱতি নিশা ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন কলাখোৱাৰ পানীমিৰি গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ৰমেন পাংগিং নামৰ লোক জনৰ বাসগৃহ আৰু ধানৰ ভঁৰাল। উল্লেখযোগ্য যে পুৱতি নিশা প্ৰায় ৩ বজাত কলাখোৱাৰ পানীমিছিং গাঁৱৰ ৰমেন পাংগিং নামৰ ব‍্যক্তি জনৰ বাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। নিশা শুই থকাৰ অৱস্থাত হোৱা অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা হয় দুই কণমানি পুত্ৰ-কন্যা সহ পিতৃ মাতৃৰ। অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা নাই যদিও নিশা শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিৰ সূত্ৰপাত হোৱাৰ সদেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। স্থানীয় লোকে নিশাই অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে যদিও এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি। পৰৱৰ্তী পৰ্যায়ত অগ্নিনিৰ্বাপকৰ বাহন উপস্থিত হয় যদিও সম্পূৰ্ণ ৰূপে জ্বলি ভষ্মীভূত হয় সকলো। অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই হয় দুটা গাহৰি,সহ ২৫ টা হাঁহ। ইয়াৰ উপৰিও জ্বলি ভষ্মীভূত হয় এ এছ ০৬ ডব্লিউ ৯৭৮৭ নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইক, সোণৰ আ-অলংকাৰ, বহু নথিপত্ৰ আৰু দু‌ই পুত্ৰৰ কিতাপ বহী। স্থানীয় ৰাইজে অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত কলাখোৱা পানীমিৰি গাঁৱৰ ৰমেন পাংগিঙক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী, খোৱাং সমষ্টিৰ বিধায়ক, ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ প্ৰতি আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *