...

হাঁহি হাঁহি বিশ্ব বিজয় ভাৰতৰ

Spread the love

 

হাঁহি হাঁহি বিশ্ব বিজয় ভাৰতৰ

 

আহমেদাবাদত ৯৬ ৰানত কিৱিক পৰাস্ত কৰিলে সূৰ্য বাহিনীয়ে
ফাইনেলৰ মেন অৱ দ্য মেচ যশপ্রীত বুমৰাহ
প্লেয়াৰ অৱ দ্য টুর্নামেন্ট সঞ্জু ছেমছন

চাইন অন ডেস্ক:

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী স্টেডিয়ামত হাঁহি হাঁহি কিবি বাহিনীক পৰাস্ত কৰি বিশ্ব বিজয় ভাৰতৰ। ১৪০ কোটি ভাৰতীয়ৰ সপোন সার্থক কৰি একেৰাহে দ্বিতীয়বাৰলৈ টি-২০ বিশ্বকাপ-ক্রিকেটত চেম্পিয়ন টীম ইণ্ডিয়া। ২০২৪ চনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ যৌথ উদ্যোগত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খিতাপ যুঁজত
দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ভাৰতে ২০০৭ চনৰ পিছত দ্বিতীয়টো খিতাপ অৰ্জন কৰিছিল। ঘৰুৱা পৰিৱেশ, ক্রিকেট অনুৰাগীৰ পূজা-অর্চনা, হোম-যজ্ঞ, শুভেচ্ছাই শক্তি যোগোৱা ভাৰতে এইবাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত লক্ষাধিক দৰ্শকৰ উপস্থিতিত তৃতীয়বাৰলৈ পিন্ধিলে বিশ্বকাপৰ বিজয়ৰ মুকুট। ফাইনেলত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত পৰাজিত হৈও বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰি ভাৰতে সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙেৰে আৰম্ভণিৰে পৰা নিউজিলেণ্ডৰ বিশে বলাৰসকলক ধৰাশায়ী কৰি ৭.১ অভাৰত ৯৮ বানৰ যুটি বান্ধে। বিগত দুখন মেচত অনবদ্য প্রদর্শন আগবঢ়োৱা অনন্ত্র অ’পেনাৰ সঞ্জু ছেমছনে ফাইনেল মেচতো ৪৫টা বলত ৮৯ ৰান সংগ্ৰহ কৰি ভাৰতৰ দ্বিতীয় বিশ্বকাপ জয়ত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। ব্যক্তিগত ৫২ ৰানত অভিষেক শর্মা আউট হোৱাৰ পিছত ক্রীজলৈ কৰা অহা ঈশান কিশানেও কিৱি দলৰ বলাৰক প্ৰহাৰ কৰি ২৫টা বলত ৫৪ বানেৰে ইনিংছ খেলে। ঈশান কিশানে ৪টা ছয় আৰু ৪টা চাৰিৰে নিজৰ ইনিংছটো সজায়। অভিষেক শর্মাই ২১টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে সভা ৫২ ৰান কৰে। খেলত অধিনায়ক সূর্যকুমাৰ যাদব ব্যর্থ হ’লেও হার্দিক পাণ্ডিয়া আৰু শিৱম ডুবেই সেন স্বাভাবিকভাৱে বিস্ফোৰক বেটিঙেৰে ভাৰতৰ ইনিংছ ২৫৫ ৰানলৈ উন্নীত কৰি কিৱি বাহিনীৰ সম্মুখত ২৫৬ অংশ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ছেমিফাইনেলত দুর্দান্ত বেটিঙেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই ভাষন পাণ্ডিয়া আৰু শিৱম ডুবেই ক্রমে ১৮ আৰু ২৮ ৰান কৰিবলৈ সক্ষম হয়। পাণ্ডিয়াই ১৩টা বলত ১টা কোে ছয় আৰু ১টা চাৰিৰে ১৮ ৰান আৰু শিৱম ডুবেই ৮টা বলত ২টা ছয় আৰু ৩টা চাৰিৰে ২৮ ৰানৰ ইনিংছ খেলে। সামগ্রিকভাৱে মেচখনত ভাৰতীয় দলে ১৯ টা চাৰি আৰু ১৮টা ছয়েৰে একপ্ৰকাৰ অভিলেখ গড়ে। কিৱি দলব হৈ নিছামে ১ অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতক এসময়ত চাপত পেলাইছিল পৰে যদিও ভাৰতৰ বাকী খেলুৱৈসকলে শ্রেষ্ঠত্ব প্রদর্শনেৰে দলটোক এক শক্তিশালী স্থিতিত উপনীত কৰায়। নিউজিলেণ্ডৰ হৈ জেম নিছামে সর্বাধিক তিনিটা উইকেট দখল কৰে। ইফালে ২৫৬ ৰানৰ লক্ষ্য আগত লৈ কানে নিউজিলেণ্ডে ভাৰতীয় বলাবৰ সম্মুখত আৰম্ভণিৰ পৰাই যুঁজ দিয়া পৰিলক্ষিত হয়। ভাৰতীয় বলাৰৰ নিখুঁত আন্ত নিয়ন্ত্রণ আৰু চমকপ্রদ ফিল্ডিঙেৰে কিৱি বাহিনীৰ প্ৰথম বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ কৰে। ৩১ ৰানতে ধাৰণা ফিন এলেনৰ উইকেট হেৰুওৱাৰ পিছত পৰৱৰ্তী অভাৰত ৰশ্বিন ৰবীন্দ্রও পেভিলিয়নমুখী হয়। ছেমিফাইনেলত দুর্দান্ত প্রদর্শন কৰা কিৱিৰ অ’পেনাৰকে ধৰি টপ অৰ্ডাৰ বেটাৰসকল সম্পূৰ্ণ ব্যর্থ হয়। দলটোৰ হৈ টীম শেফার্টে সর্বাধিক ৫২ ৰান আৰু অধিনায়ক মিছেল চাণ্টনাৰে ৪৩ ৰান কৰাৰ বাহিৰে বাকীসকল বেটাৰ ভাৰতীয় বলাৰৰ সম্মুখত বেছি সময় টিকি থাকিব নোৱাৰিলে। দলটোৱে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ইয়াৰ জৰিয়তে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৬ ৰানত জয়ী হৈ ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ যশপ্রীত বুমৰাহে ৪ অভাৰত ১৫ ৰানৰ বিনিময়ত সর্বাধিক ৪টা উইকেট দখল কৰে। অক্ষৰ পেটেলে তিনিটা উইকেট লাভ কৰে। তিনিখন মেচত একেৰাহে তিনিটা অর্ধশতকসহ টি-২০ বিশ্বকাপত মুঠ ৩২১ ৰান সংগ্ৰহ কৰা ভাৰতীয় দলৰ অ’পেনাৰ সঞ্জু ছেমছনক আইচিচি প্লেয়াৰ অৱ দ্য টুর্নামেন্ট বঁটা প্ৰদান কৰে। যশপ্রীত বুমৰাহক প্লেয়াৰ অৱ দ্য মেচ সম্মান প্রদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *