...

ছমৰীয়াৰ বামুণবড়ীত অবৈধ ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ

Spread the love

ছমৰীয়াৰ বামুণবড়ীত অবৈধ ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ

চাইন অন ডেস্ক:

কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনকৈ গাঁৱত কাঠফুলাৰ দৰে একাংশ খামিডাঠ ব্যৱসায়ীয়ে বহু বছৰৰে পৰা অবৈধভাবে চলাই আহিছে বাংলা ইটাৰ ব্যৱসায়।প্ৰতিবছৰেই এবাৰ দুবাৰ প্ৰশাসনে এই ইটা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ অভিযানৰ পাছতেই বন্ধ হোৱাৰ পৰিবৰ্তে সংশ্লিষ্ট ব্যৱসায়ীয়ে দ্বিগুণ উদ্যমেৰে ব্যৱসায় অব্যাহত ৰখাটোহে পৰিলক্ষিত হয়। আজি ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নন্দন নীলোৎপল ভাগৱতীৰ নেতৃত্বত আৰু মন্দিৰা আৰক্ষী চকীৰ এদল আৰক্ষীৰ আৰু নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত বামুণবড়ী ২ নং যোগীপাৰা(গেলাবড়ী)ত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান চলে।জেচিবি ৰ সহায়ত জ্বলি থকা ইটা ভাতা ভাঙিবলৈ ধৰে যদিও এই কাণ্ডত স্থানীয় একাংশ মহিলাই ৰূদ্ৰমূৰ্তি ধাৰণ কৰাৰ ফলত প্ৰশাসন পিছ হুহুকিবলৈ একপ্ৰকাৰ বাধ্য হয়।
উল্লেখ্য ইয়াৰ পূৰ্বেও ইটা ভাতা ভাঙিবলৈ যোৱা আৰক্ষীৰ দলৰ সতে প্ৰতিবেশী হাড়িভাঙ্গা অঞ্চলত স্থানীয় একাংশৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটিছিল।তেনেক্ষেত্ৰত আইন-প্ৰশাসনক কেৰেপ নকৰি ব্যৱসায়ী চক্ৰই বাহুবলেৰে এনে অবৈধ বেহা চলাই আছে নেকি বুলিও সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *