নাহৰকটীয়া মহাবিদ্যালয়ত ৰাজহুৱা বিদায় সভা
অৰ্ধ শতাধিক লোক,দল সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন অৱসৰী অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ দত্তক
চাইন অন ডেস্ক:
মোৰ বিদায় বিয়োগাত্মক নহয়, ইয়াত আছে বহু প্ৰাপ্তিৰ সমদল। মহাবিদ্যালয় খনক সুদীৰ্ঘ ৩৬ টা বছৰ মই যিমান দিয়াৰ যত্ন কৰিলোঁ, মহাবিদ্যালয় খনে তাতোকৈ বহুত বেছি মোক উভতাই দিয়াৰ লগতে মোক সমাজখনৰ আগত পৰিচিত কৰি তুলিলে। এই বক্তব্য নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰশান্ত দত্তৰ। উল্লেখযোগ্য যে ১৯৮৯ চনৰ ডিচেম্বৰ মাহত নাহৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰূপে যোগদান কৰি সুধীর্ঘ ১৩২১৩ টা দিন মহাবিদ্যালয় খনত সফলতাৰে শিক্ষাৰ জ্যোতি বিলাই চৰকাৰী নিয়মানুসৰি যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা জেষ্ঠ অধ্যাপক তথা এসময়ৰ আকাশবাণী গুৱাহাটীৰ ঘোষক তথা প্ৰযোজক আৰু আকাশবাণী ডিব্ৰুগড়ৰ অংশ কালিন বাতৰি পৰিৱেশক ডঃ প্ৰশান্ত দত্তক অৱসৰকালীন বিদায় সম্বৰ্ধনা জনোৱাৰ অৰ্থে আজি নাহৰকটীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা
অনুষ্ঠিত হৈ যায়। ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনৰ শিক্ষক গোটৰ সভাপতি দিগন্ত খনিকৰে। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, পৰিচালনা সমিতিৰ সভাপতি জয়ানন্দ বৰুৱা অৱসৰী অধ্যাপক ডঃ প্ৰশান্ত দত্তৰ সহকৰ্মী তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱা, প্ৰশাসনিক সমন্বয়ক ডঃ স্মৃতিৰেখা গগৈ গায়ন, ডঃ প্ৰশান্ত দত্তৰ পত্নী তথা শিক্ষয়িত্ৰী স্মৃতিৰূপা ভূঞা দত্ত আদিয়ে মঞ্চত উপবিষ্ট থকা এই সম্বৰ্ধনা সভাত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে বৃহত্তৰ নাহৰকটীয়া অঞ্চললৈ সুদীৰ্ঘ বছৰ ধৰি আগবঢ়াই যোৱা অবিস্মৰণীয় সেৱাৰ কৃতজ্ঞতা স্বৰূপে নাহৰকটীয়া মহাবিদ্যালয় কৰ্তৃপক্ষ, মহাবিদ্যালয় শিক্ষক গোট, মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ, মহিলা অধ্যয়ন কোষ, মহাবিদ্যালয় ছাত্ৰ একতা সভা, শিক্ষাতত্ত্ব বিভাগ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা আৰু নাহৰকটীয়া শাখা সমিতি, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা, অধ্যাপক গৰাকীৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ ছাত্ৰী আদিকে ধৰি অৰ্ধশতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শৰাই, সম্বৰ্ধনা পত্ৰ, জাপি ফুলাম গামোচা, চেলেং, জাপি, গ্ৰন্থৰ টোপোলা, বস্ত্ৰ, ফুলৰ টোৰা আদিৰে তেখেতক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মহাবিদ্যালয় খনৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ দিলীপ বনিয়াই পৰিৱেশন কৰা লোকগীতেৰে জীপাল হৈ পৰা অনুষ্ঠানটোত অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, পৰিচালনা সমিতিৰ জয়ানন্দ বৰুৱা, ডঃ অনন্ত কুমাৰ বৰুৱা আদিকে ধৰি বহুকেইগৰাকী অধ্যাপক অধ্যাপিকা তথা অতিথি আৰু বৰ্তমানৰ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে বক্তব্য ৰাখি ডঃ প্ৰশান্ত দত্তৰ কৰ্মজীৱনৰ দিশ সমূহ পয্যালোচনা কৰাৰ লগতে তেখেতে মহাবিদ্যালয় খনৰ শৈক্ষিক ক্ষেত্ৰৰ লগতে প্ৰশাসনিক আৰু ক্ৰীড়া ক্ষেত্ৰ খনলৈ যি অভূতপূৰ্ব অৱদান আগবঢ়াই গল, তাক শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তেওঁৰ অৱসৰকালীন জীৱন সুস্বাস্থ্যৰ আৰু সমৃদ্ধিৰ হোৱা কামনা কৰে।