নগৰবেৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান
আটক দুই সৰবৰাহকাৰী
চাইন অন ডেস্ক:

নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই নগৰবেৰাৰ জলজলী নদীৰ ঘাটৰ পৰা গোৱালপাৰাৰ শিমলীতোলাৰ ছফিউৰ ৰহমান আৰু আহেৰ আলী নামৰ দুজনক আটক কৰে।
নগৰবেৰা আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলোৱা এনে অভিযানক ৰাইজে ভূয়সী প্ৰশংশা কৰিছে।