ধুবুৰীৰ গৌৰীপুৰৰ মৰাপাট গুদামত ভয়ানক অগ্নিকাণ্ড
চাইন অন ডেস্ক:
যোৱানিশা ধুবুৰীৰ গৌৰীপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চহৰখনৰ শ্মশানৰ সমীপত থকা এটা মৰাপাট গুদামত সংঘটিত হোৱা সেই অগ্নিকাণ্ডটোত কথমপি ৰক্ষা পৰে বৃহত্তৰ সেই অঞ্চলটো। উল্লেখ্য যে, অগ্নিকাণ্ডটোৰ ঘটনাটো ইমানেই ভয়ানক
আছিল যে যোৱা নিশাৰ পৰা অহৰহ প্ৰচেষ্টা চলাই আজি পুৱতি নিশাহে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডটোৰ কিদৰে সূত্ৰপাত ঘটিল সেয়া এতিয়ালৈকে জানিব পৰা যোৱা নাই। ইপিনে ভয়ানক সেই অগ্নিকাণ্ডটোৰ পিছত গৌৰীপুৰ চহৰৰ মাজমজিয়াৰ এটা জনাকীৰ্ণ অঞ্চলত তথা এটা পেট্ৰল পাম্পৰ সমীপত কিদৰে মৰাপাট গুদাম স্থাপন কৰাৰ অনুমতি দিয়া হৈছিল সেই প্ৰশ্নও উত্থাপিত কৰা পোৱা গৈছে বহুতেই।