...

ৰঙাপানী অঞ্চলত মথাউৰি মেৰামতিত বিসংগতিৰ অভিযোগ!

Spread the love

ৰঙাপানী অঞ্চলত মথাউৰি মেৰামতিত বিসংগতিৰ অভিযোগ!

মথাউৰিৰ নামনিতে খনন?

হিতে বিপৰীত হোৱাৰ আশংকা,ব্যৱস্থা গ্ৰহণৰ দাবী

চাইন অন ডেস্ক:
কামৰূপৰ ছমৰীয়া সমষ্টিৰ ৰাঙাপানী অঞ্চলত ৰাঙাপানীৰ পৰা নতুন বদলালৈকে প্ৰায় তিনি কিলোমিটাৰ ই এণ্ড ডি মথাউৰি মেৰামতিৰ কাম চলি আছে।প্ৰায় ১ কৌটি ৭০ লাখ টকা ব্যয় সাপেক্ষে জমিৰ খান নামৰ ঠিকাদাৰে চলাই আছে মথাউৰি নিৰ্মাণৰ কাম।পিছে মথাউৰি নিৰ্মাণত ব্যৱহাৰ কৰা বালি উঠোৱাৰ নামত মথাউৰিৰ গুৰি খনন কৰি থকাত হিতে বিপৰীত হ’ব ওলোৱা বুলি ৰাইজৰ অভিযোগত প্ৰকাশ।

মথাউৰিৰ নিচেই কাষত মেচিন লগাই খনন কৰি তাৰপৰা বালি উঠাই সেই বালিৰে মথাউৰি নিৰ্মাণৰ কাম কৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে মথাউৰিৰ নামনিত ।ইযাৰ ফলত বাৰিষা কালত নৈৰ খহনীয়া হোৱাৰ আশংকা আৰু সেই খহনীয়াত মথাউৰিৰ লগতে অঞ্চলটোৰ বৃহৎ কৃষিভূমিৰো ক্ষতিসাধন হোৱাৰ পুৰ্ণ সম্ভাৱনা ঘণীভূত হৈছে।সেয়ে এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ কিয়নো এই মথাউৰিটো হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কৱচ।

মথাউৰিটোৰ ক্ষতি হ’লে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব অঞ্চলজুৰি।স্থানীয় ৰাইজে বিষয়টো ঠিকাদাৰক অৱগত কৰা স্বত্বেও বিভাগীয় একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে খেয়াল খুচি মতে খননকাৰ্য অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে।তদুপৰি নিৰ্মাণ কামৰ কোনো ফলক নলগোৱাকৈয়ে ৰাইজক সম্পুৰ্ণ অন্ধকাৰত ৰাখি ঠিকাদাৰ জমিৰ খানে নিৰ্মাণকাৰ্য্য চলোৱা বুলিও অভিযোগত উল্লেখ ।শীঘ্ৰেই মথাউৰিৰ নিচেই কাষত কৰি থকা খননকাৰ্য বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *