...

বৰবৰুৱাৰ শিক্ষা খণ্ডত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

Spread the love

বৰবৰুৱাৰ শিক্ষা খণ্ডত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

 

চাইন অন ডেস্ক:

ৰাজ্যৰ আগন্তুক শৈক্ষিক বৰ্ষৰ বাবে সমগ্ৰ শিক্ষা বিভাগে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি আজি বিতৰণ কৰা হয় । এই উপলক্ষে ডিব্ৰুগড় জিলাৰ সমগ্ৰ শিক্ষা বিভাগৰ অন্তৰ্গত প্ৰথম পৰ্যায়ত বৰবৰুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ আমোলাপট্টি, পূৰ্ণানন্দ, নিউ আৰবান, কোটোহা, বিনৈগুটিয়া আৰু চিৰিংদাইনিজান শৈক্ষিক কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয় সমূহক কিতাপ যোগান ধৰা হয়। বিশেষকৈ প্ৰথম শ্ৰেণীৰ বাবে কাৰ্যপত্ৰ, সাংখিকতা, বিদ্যা প্ৰৱেশ, মৌচাক, ইংৰাজী এক্টিভিটি বোক, দ্বিতীয় শ্ৰেণীৰ বাবে কাৰ্যপত্ৰ, সাংখিকতা, ইংৰাজী এক্টিভিটি বোক ইত্যাদি বিতৰণ কৰে। শৈক্ষিক খণ্ডৰ অন্তৰ্গত বাকীসমূহ শৈক্ষিক কেন্দ্ৰৰ অধীনস্থ বিদ্যালয়ৰ সমূহক পৰ্যায় ক্ৰমে এই বিনামূলীয়া কিতাপ বিতৰণ কৰা হব বুলি চি আৰ চিচি শৌভিক বৰদলৈয়ে জনাইছে। উল্লেখযোগ্য যে- খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰেমনাথ দলে এই বিনামূলীয়া পাঠ্যপুথি যাতে বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে লগভ কৰে তাৰ প্ৰতি সৰ্তকতা অৱলম্বন কৰিব বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলক অৱগত কৰে। কিতাপ বিতৰণ কাৰ্যসূচীত শৈক্ষিক খণ্ডৰ গাণণিক বিষয়া আবিদা তমসোম, বি আৰ পি ৰূমী কোঁৱৰ, ৰজাভেটা শৈক্ষিক কেন্দ্ৰৰ চি আৰ চি চি খিটিৰাজ গগৈ উপস্থিত থাকে। বৰবৰুৱাৰ শৈক্ষিক কেন্দ্ৰৰ বি আৰ পি ৰূমী কোঁৱৰৰ তত্বাৱধানত বিতৰণ কৰা পাঠ্যপুথি সমূহ বিদ্যালয়ত যাতে সজিৰ্তকৰণ নকৰি শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ক্ৰিয়া কলাপৰ দ্বাৰা ব্যৱহাৰৰ কৰিবলৈ প্ৰধান শিক্ষক সকলক অৱগত কৰে। লগতে উক্ত পাঠ্যপুথি সমূহ আগন্তুক শিক্ষা বৰ্ষৰ অৰ্থাৎ এপ্ৰিলৰ মাহৰ পৰা আৰম্ভণি কৰিবলৈ সকলোকে আহ্বান জনায়। আগন্তুক দিনত বিদ্যালয়ৰ সমূহত পৰিদৰ্শনৰ সময়ত যাতে প্ৰতিগৰাকী শিক্ষকে এই কাৰ্যপত্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই শিক্ষকে সম্পন্ন কৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ বিদ্যালয়ৰ প্ৰধান সকলক বি আৰ পি ৰূমী কোঁৱৰে নিদেৰ্শ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *