বিচয়ন্তী সন্দিকৈক লেখিকা সংস্থা অসমৰ “আই পদ্মপ্ৰিয়া বঁটা” ঘোষণা
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰদান কৰিব এই বঁটা
চাইন অন ডেস্কঃ
লেখিকা সংস্থা অসমৰ ২০২৬ চনৰ ‘আই পদ্মপ্ৰিয়া বঁটা’ ঘোষণা কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটৰ কৃতি শিক্ষয়িত্ৰী , সুলেখিকা, কেইবাখনো শিশু পুথি, গল্প সংকলন, কবিতা সংকলন, নাটকৰ সংকলন
আদিৰ প্ৰণেতা বিচয়ন্তী সন্দিকৈলৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্ত ই জানিবলৈ দিছে। সাহিত্য চৰ্চ্চাৰ লগতে তেখেতে আধ্যাত্মিক চিন্তাৰে সমাজত বিশেষকৈ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ নামঘৰত গীত নাম আদি পৰিৱেশন কৰি আই পদ্মপ্ৰিয়াৰ আদৰ্শ অনুসৰণ কৰিছে। প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰি তেখেতে নিজে বাস কৰা অঞ্চলৰ বিদ্যালয়ৰ চৌহদত, আলিৰ দাঁতিত, বৰ পুখুৰীৰ পাৰত ফলৰ গছ, ঔষধি গছ আদি ৰোপন কৰি পৰিৱেশ সংৰক্ষণত অৰিহনা যোগাইছে।অহা ৮ মাৰ্চ ২০২৬ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসত বৰহাট চাহ সন্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখিকা সন্থা অসমৰ এই বঁটাটো প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে।