...

জ্যেষ্ঠ সাংবাদিক,লেখক ললিত শৰ্মাক সন্মানীয় ৰত্ন বঁটাৰে সন্মানিত

Spread the love

জ্যেষ্ঠ সাংবাদিক,লেখক ললিত শৰ্মাক সন্মানীয় ৰত্ন বঁটাৰে সন্মানিত

নেপালৰ বিখ্যাত সংস্থা শব্দ প্ৰতিভা ফাউণ্ডেশ্যনৰ উদ্যোগ

চাইন অন ডেস্ক:

আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে,নেপালৰ বিখ্যাত সংস্থা শব্দ প্ৰতিভা ফাউণ্ডেশ্যনৰ উদ্যোগত অসমৰ ডিব্ৰুগড়ৰ
নিবাসী জ্যেষ্ঠ সাংবাদিক
লেখক ললিত শৰ্মাক সন্মানীয় ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।সংস্থাটোৱে অনলাইনযোগে প্ৰমাণ পত্ৰ প্ৰেৰণ কৰে। ইয়াত পাঁচখন দেশৰ সাহিত্যিক, কবি লেখক, সাংবাদিক,সাহিত্যিক আদিক সংস্থাটোৱে সন্মান জনায়।এইবাৰ এক হাজাৰ অংশগ্ৰহণকাৰীক অন্তৰ্ভুক্ত কৰি সংগঠনটোৱে মুঠ পাঁচখন দেশৰ অংশগ্ৰহণ কাৰীসকলক বিভিন্ন সাহিত্যিক লেখা কৰ্মশৈলীৰ বাবে নিৰ্বাচকৰ জৰিয়তে সন্মান জনাইছে ।
ললিত শৰ্মাক মাতৃভাষা ৰত্নৰ সন্মানীয় উপাধি প্ৰদান কৰে। মন কৰিবলগীয়া যে সংস্থাটোৱে নেপাল-ভাৰত বন্ধুত্বৰ প্ৰসাৰৰ বাবে, দেৱনাগৰী লিপি সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে, আৰু নেপাল-ভাৰত বন্ধুত্বৰ ভাষা হিন্দী/নেপালী ভাষাক বিশ্বজুৰি প্ৰচাৰৰ বাবে অহৰহ
সক্ৰিয় কাম কৰি আহিছে, লগতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰে আৰু সন্মানীয় উপাধি মাত্ৰিভাষ ৰত্ন আৰু মাত্ৰিভাষা গৌৰৱ বঁটা প্ৰদান কৰে। মনকৰিবলগীয়া যে ১৯৮৯ চনৰ পৰা সংবাদসেৱীৰ সৈতে জড়িত ললিত শৰ্মাই অবিৰতভাৱে কেইবাটাও গৱেষণামূলক প্ৰবন্ধ, অনুবাদ, আৰু অন্যান্য গদ্য আৰু কবিতাকে ধৰি বিভিন্ন বিষয়ত হিন্দী, অসমীয়া, ৰাজস্থানী ভাষাত প্ৰবন্ধ আদিৰ লিখা কাৰ্য অব্যাহত ৰাখিছে। বিভিন্ন বিষয়ৰ সমসাময়িক লেখা বাতৰি কাকত পত্ৰ পত্ৰিকাত, আলোচনীত প্রকাশিত হৈছে।
এই সাফল্যৰ বাবে শুভাকাংক্ষীকে ধৰি সাহিত্য আৰু সামাজিক সংগঠনসমূহে অভিনন্দন জনাইছে।সংগঠনটোৰ সভাপতি আনন্দ গিৰি মায়ালুৱে তেওঁক অভিনন্দন জনাই কয় যে শব্দ প্ৰতিভাৰ উদ্দেশ্য হৈছে সাহিত্যিক লেখাৰ প্ৰতি আগ্ৰহ গঢ়ি তোলা, প্ৰতিভাক লালন-পালন কৰা, আৰু নতুন শক্তিৰে সাহিত্যক সমৃদ্ধ কৰা। জ্যেষ্ঠ সাংবাদিক, লেখকজনক আঞ্চলিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়
বিভিন্ন সংস্থাই ইতিমধ্যে
সন্মান জনাই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *