...

ডি: বিশ্ব: আন্তৰ্জাতিক সাহিত্য–সাংস্কৃতিক অধিৱেশন

Spread the love

ডি: বিশ্ব: আন্তৰ্জাতিক সাহিত্য–সাংস্কৃতিক অধিৱেশন

 

“দ্য টোৱেইন মিটচ” শীৰ্ষক আড্ডামূলক অধিৱেশনত
পূব আৰু পশ্চিম সংগীতৰ সংযোগ

চাইন অন ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ তৃতীয় দিনা (২০ ফেব্ৰুৱাৰী ২০২৬) বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ লন প্ৰাঙ্গণত অনুষ্ঠিত “দ্য টোৱেইন মিটচ” শীৰ্ষক অধিৱেশনত সংগীত, সংস্কৃতি আৰু মানৱীয় অনুভূতিৰ আন্তঃসম্পৰ্কক লৈ এক অন্তৰংগ আৰু চিন্তাশীল আলোচনা অনুষ্ঠিত হয়। পুৱা ১০ বজাৰ পৰা ১১:১৫ বজালৈ অনুষ্ঠিত এই অধিৱেশনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সংগীত–গৱেষক আৰু লেখক অজয় মাঙ্কোটিয়া, লেখিকা অতিমা মাঙ্কোটিয়া আৰু সাংস্কৃতিক বিশ্লেষক তাসদিক মোহাম্মদ গজনভি।
এই আলোচনা পৰম্পৰাগত বক্তৃতাৰ দৰে নহৈ এক আড্ডামূলক অধিৱেশনৰ ৰূপ লাভ কৰে, য’ত বক্তাসকলৰ মাজত স্মৃতি, সংগীত আৰু অভিজ্ঞতাৰ বিনিময় স্বাভাৱিকভাৱে আগবাঢ়ে। অজয় মাঙ্কোটিয়াই উল্লেখ কৰে যে সংগীত বহুসময়ত মানুহৰ অন্তৰ্নিহিত ক্ষোভ, হতাশা আৰু আবেগ প্ৰকাশৰ এক বিকল্প মাধ্যম। মানুহে বহু সময়ত নিজৰ অনুভৱ স্পষ্টকৈ ক’ব নোৱাৰিলেও এটি গান বা সুৰে সেই অনুভৱবোৰ প্ৰকাশ কৰে। তেওঁৰ ভাষাত সংগীত হৈছে “vicarious experience”—অন্যৰ শব্দ আৰু সুৰৰ জৰিয়তে আমি কন্দো, প্ৰেমত পৰো বা বিদ্ৰোহৰ অনুভৱো লাভ কৰোঁ।আলোচনাৰ মাজতে ১৯৬৮ চনত The Beatles-ৰ ঋষিকেশ ভ্ৰমণৰ উল্লেখ কৰি পূব-পশ্চিম সাংস্কৃতিক বিনিময়ৰ এক ঐতিহাসিক মুহূৰ্ত হিচাপে ব্যাখ্যা কৰা হয়। পশ্চিমীয়া ৰক সংগীত আৰু ভাৰতীয় আধ্যাত্মিকতাৰ এই সংযোগে বিশ্ব সংগীতৰ ধাৰাত গুৰুত্বপূৰ্ণ পৰিৱর্তন আনিছিল বুলি বক্তাসকলে মন্তব্য কৰে। লগতে সংগীত সংস্কৃতি গঢ়ি তোলাত Rolling Stone দৰে সংগীত সাময়িকীৰ ভূমিকা আৰু বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ প্ৰভাৱৰ বিষয়েও আলোচনা হয়।
অধিৱেশনত জনপ্ৰিয় হিন্দী গীত “অজিব দাস্তান হে য়েহ”ৰ উল্লেখেৰে বলিউড সংগীতৰ আবেগঘনতা আৰু জটিল মানৱীয় অনুভৱৰ প্ৰকাশৰ ক্ষমতা বিশ্লেষণ কৰা হয়। এই সময়ত অজয় মাঙ্কোটিয়াই গীতৰ কেইটামান পংক্তি নিজে গাই শ্ৰোতাসকলক এক বিশেষ অনুভৱত আবদ্ধ কৰে। তেওঁ এই অধিৱেশনত এক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি কয় যে—সংগীত প্ৰথমে অনুভৱ কৰিব লাগে, তাৰ পিছতহে বিশ্লেষণ কৰিব লাগে।
হিন্দী সংগীত জগতৰ কিংবদন্তী ব্যক্তিত্বসমূহৰ অৱদান উল্লেখ কৰি তেওঁ ও. পি. নায়াৰ, হেমন্ত কুমাৰ আৰু আশা ভোঁসলে-ৰ গীতসমূহৰ কালজয়ী প্ৰভাৱৰ কথা উল্লেখ কৰে। লগতে অসমীয়া সংগীতৰ ক্ষেত্ৰতো জুবিন গাৰ্গ-ৰ “যন্ত্ৰ” গীতৰ উল্লেখ কৰি স্থানীয় সংগীতৰ আবেগিক শক্তিৰ প্ৰাসংগিকতা দেখুওৱা হয়।
আলোচনাত ডিজিটেল যুগত সংগীতৰ পৰিৱর্তনো বিশেষভাৱে উত্থাপিত হয়। টিক টক ধাৰা, ভাইৰেল গীত, ষ্ট্ৰিমিং প্লেটফৰ্ম আদি সংগীত গ্ৰহণৰ পদ্ধতি সলনি কৰিছে যদিও সংগীতৰ মৌলিক শক্তি একেই আছে—এটি সুৰে এতিয়াও মানুহক অপ্রত্যাশিতভাৱে স্পৰ্শ কৰিব পাৰে।
অধিৱেশনটোৰ শেষত স্পষ্ট হয় যে সংগীত পূব-পশ্চিম, প্ৰাচীন-আধুনিক বা শৈলীভেদে বিভক্ত নহয়; সংগীত মূলত মানৱীয় অভিজ্ঞতাৰ এক সার্বজনীন ভাষা। ই মানুহৰ ক্ষোভ, আকাংক্ষা আৰু কাহিনীসমূহ বহন কৰে। যুগ সলনি হলেও সংগীত মানুহক সংযোগ কৰাৰ এই ক্ষমতা অবিচল থাকে বুলি বক্তাসকলে মত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *