...

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক

Spread the love

ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক

“উচ্চশিক্ষাৰ উদীয়মান নেতৃত্ব” সন্মান প্ৰদান
চাইন অন ডেস্ক:

উত্তৰ পূৰ্বাঞ্চলৰ প্রথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয় অসম চৰকাৰে প্রতিষ্ঠা কৰা ডিব্ৰুগড়ৰ শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী তথা উত্তৰ পূৱ ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰতে সৰ্বকনিষ্ঠ পঞ্জীয়ক হিচাবে পৰিগনিত পংকজ বৰঠাকুৰলৈ অসমৰ উচ্চশিক্ষা তথা শিক্ষাখণ্ডৰ উন্নতিৰ কাৰণে আগবঢ়োৱা সেৱাৰ সীস্কৃতি স্বীকৃতি স্বৰূপে “Emerging Leader in Higher Educacim” শীর্ষক সন্মান প্রদান কৰা হৈছে। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা ‘ Education Leadership Sumnit ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় সমূহৰ কামৰ অগ্ৰগতিৰ ওপৰত ভিত্তিকৰি বিভিন্ন শিতানত বিভিন্ন অনুষ্ঠান, বিভাগ আৰু ব্যক্তিবিশেষৰ উপস্থিতিত এই সন্মান প্রদান কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মনিপুৰ বিশ্ববিদ্যালয়, চিকিম বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয় আদিয়ে বিভিন্ন শিতানত বিভিন্ন বঁটা লাভ কৰে। বৰঠাকুৰে যোৱা এটা বছৰৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ উন্নতিৰ কৰণে কৰা চেষ্টা আৰু ফলাফলৰ ওপৰত ভিত্তি কৰি তেখেতক এই সন্মান প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক হিচাবে অসমৰ সকলো বিদ্যালয় মহাবিদ্যালয়ক ই -মেইলেৰে সংযোগ কৰাৰ উপৰিও পৰীক্ষাৰ ক্ষেত্ৰত উন্নত তথ্য প্রযুক্তি ব্যৱহাৰ কৰা ফলস্বৰূপে ২০১৯-২০ বর্ষত প্রধানমন্ত্রীৰ “E-Govorness” বঁটাৰ বাবেও তেওঁক মনোনিত হৈছিল। ডিব্ৰুগড় বিশ্বদ্যিালয়ত প্রাক্তন উপ-পৰীক্ষা নিয়ন্ত্রক, তথা ছাত্ৰ একতাসভাৰ প্রাক্তন সাধাৰণ সম্পাদক পংকজ বৰঠাকুৰক এই বটাঁ প্ৰদান কৰাৰ খবৰ লাভ কৰাত শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে
অনন্যা সকলেও আনন্দিত হৈছে আৰু যোগ্যজনক এই সম্মান প্রদান কৰাত উৎফুলিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *