প্ৰসঙ্গঃ বিৰোধী ঐক্য
ৰাইজৰ আবেগ-অনুভুতিক লৈ হেতালি নেখেলিব!
গৌৰৱ গগৈক ডিব্ৰুগড় নাগৰিক সন্মিলনৰ সকিয়নি
চাইন অন ডেস্ক:
নিৰ্বাচনৰ দিন চমু চাপি আহিছে। কি বিৰোধী কি শাসকীয় সকলো ৰাজনৈতিক দলেই নিজ নিজ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে। তাৰ বিপৰীতে বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যৰ কথা কৈ অহা ৰাজ্যখনৰ বিৰোধী দলবোৰে যেনেদৰে তৎপৰ হ’ব লাগিছিল তেনে ধৰণে তৎপৰ হোৱা দেখা নাই। অতি শেহতীয়া ভাবে যোৱা ১৯ ফেব্ৰুৱাৰীত বিৰোধী ঐক্যৰ নামত ছয়টাকৈ বিৰোধী ৰাজনৈতিক দল আলোচনাত বহিল। উক্ত বৈঠকত ৰাজ্যৰ মুখ্য বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক দেখা নগ’ল। আলোচনাত বহিল ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই (এম),চি পি আই (এম এল) আৰু এ পি এইচ এল চি। বিৰোধী ঐক্যক লৈ যি সময়ত আসন ভাগ বটোৱাৰা কৰাৰ ক্ষেত্ৰত আৰু বিশেষকৈ উমৈহতীয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ ক্ষেত্ৰত আলোচনা-বিলোচনা হ’ব লাগিছিল, তেনে সময়ত কংগ্ৰেছ বিহীন বিৰোধী দলৰ সভাত কংগ্ৰেছ দললৈহে আহ্বান জনাব লগীয়া হ’ল বিৰোধী ঐক্য গঠনত কংগ্ৰেছ দলটো তৎপৰ হোৱাৰ বাবে। বিৰোধী ঐক্যৰ ক্ষেত্ৰত স্বাভাৱিকতেই মুখ্য ভূমিকাত থাকিবলগীয়া কংগ্ৰেছ দলেই যদি এনেদৰে কোনো অজ্ঞাত কাৰণত দিনবোৰ পিছুৱাই নি থাকে আৰু শেষত কংগ্ৰেছৰ এনে ভূমিকাৰ বাবেই যদি বিৰোধী ঐক্যত কেৰুণ লাগে, তাৰ বাবে কংগ্ৰেছে কোনো কাৰণতে কোনো এটা বিৰোধী দলক দোষীবতো নোৱাৰিবই, বৰং ৰাজ্যৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত জনসাধাৰণে বিচৰা বিজেপি বিৰোধী ঐক্যত ভাঙোন অনাৰ বাবে কংগ্ৰেছ দলটোৱেই ৰাইজৰ আদালতত জগৰীয়া হ’ব। — বিৰোধী ঐক্যৰ ক্ষেত্ৰত হোঁহকা-পিছলা কৰি থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীক লক্ষ্য কৰি এই বক্তব্য সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎচন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম চেতিয়াই।
বিবৃতিটোত সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকে লগতে প্ৰকাশ কৰে যে,বিজেপিক আগন্তুক বিধান সভাৰ নিৰ্বাচনত পৰাভূত কৰাৰ ক্ষেত্ৰত যি সময়ত সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ ভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাই একমাত্ৰ পথ আৰু বিজেপিৰ অপশাসনত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজেও তাকে বিচাৰিছে, সেই কথাত ঐক্যমত প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়েও উৎফুল্লিত হৈ পূৰ্বতে কৈ উঠিছিল-যুঁজ এখন হ’ব আৰু লগে-লগে অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে একে উৎফুল্লিতেৰে আগবাঢ়ি আহিছিল, তেনে সময়তে কি এক অজ্ঞাত কাৰণত কংগ্ৰেছ সভাপতি গৰাকী পিছ হোঁহকি ৰৈছে বুলিও ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ বিষয়ববীয়াদ্বয়ে বিবৃতিটোৰ যোগে প্ৰশ্ন উত্থাপন কৰিছে। লগতে উল্লেখ কৰি কৈছে
যে, বিৰোধী দল সমূহৰ মাজত আসন ভাগ বটোৱাৰা প্ৰশ্নটো যিহেতু প্ৰথমেই জৰিত হৈ আছে, তেনে স্থলত স্বাভাৱিকতেই তাকে লৈ মতৰ মিল-অমিল প্ৰশ্নবোৰ আহিবই আৰু সেইবোৰ মিমাংসাৰ বাবেও কিছু সময়ৰ প্ৰয়োজন হ’ব। তেনেস্থলত নিৰ্বাচনলৈ ইমান কম সময় থকা স্বত্বেও উপায়হীন হৈ কংগ্ৰেছক বাদ দি বাকী অন্যান্য বিৰোধী দল নিজৰ ভিতৰতে আলোচনাৰ বাবে আগবাঢ়ি অহাটো উচিত কামেই হৈছে। কিন্ত্ত সময়ৰ গুৰুত্ব বুজি বৃহত্তম কংগ্ৰেছ দলটো আগবাঢ়ি নহাটোহে চিন্তাৰ বিষয় হৈ পৰিছে। পলমকৈ যদিও আহে, তেতিয়াও যদি আসন ভাগ বাটোৱাৰাক লৈ ঐক্যমতত উপনিত হ’বলৈ সময় নাথাকিবগৈ আৰু তেতিয়াই কাৰ্যতঃ যদি বিৰোধী ঐক্যত ভাঙোন আহি পৰে, তেতিয়া তাৰ বাবে কিন্ত্ত কংগ্ৰেছ দলেই জগৰীয়া হ’ব। যিহেতু এইবাৰ ৰাইজে বিচাৰিছে সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ বিজেপিৰ অপশাসনৰ অবসান ঘটোৱাটো, তেনে ক্ষেত্ৰত সময়ৰ কাম সময়ত নকৰি সৰ্বসাধাৰণ ৰাইজৰ আবেগ-অনুভূতিক লৈ হেতালি নেখেলিবলৈ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক বিবৃতিটোৰ যোগে সকিয়াই দিলে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎচন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক-উত্তম চেতিয়াই।