...

ডিব্ৰুগড়,খোৱাং,দুলীয়াজানত কংগ্ৰেছৰ ব্যাপক খহনীয়া

Spread the love

ডিব্ৰুগড়,খোৱাং,দুলীয়াজানত কংগ্ৰেছৰ ব্যাপক খহনীয়া

 

ভূপেন বৰাৰ পদত্যাগৰ পাছতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

চাইন অন ডেস্ক:

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগৰ পাছতে উজনিৰ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা সমষ্টিৰ প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে পৰিধান কৰিলে গেৰুৱা বসন। বিশেষকৈ খোৱাং আৰু দুলীয়াজান সমষ্টিৰ যুৱ, মহিলাকে ধৰি ব্লক কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। জিলা বিজেপিৰ কাৰ্যালয়ত মংগলবাৰে অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত খোৱাং সমষ্টিত বিজেপিৰ যুৱ নেতা অসীম হাজৰিকাৰ নেতৃত্বত পাঁচশৰো অধিক কংগ্ৰেছী কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ বিপৰীতে দুলীয়াজান সমষ্টিত বিজেপি নেতা ইন্দ্ৰ গগৈৰ নেতৃত্বত পাঁচ কংগ্ৰেছী কৰ্মীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে। দুলীয়াজান সমষ্টিৰ পৰা যোগদান কৰিবলৈ অহা সৰহসংখ্যকেই যুৱ কংগ্ৰেছৰ লগত জড়িত। জিলা বিজেপিৰ সভাপতি দুলাল বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশত বিকাশৰ গতি ত্বৰাম্বিত হোৱা বুলি উল্লেখ কৰি সৰ্বস্তৰৰ শ্ৰেণীৰ লোকে বিকাশৰ যাত্ৰাত অংশীদাৰ হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। অন্যহাতে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে বিজেপিৰ নীতি-আদৰ্শৰ কথা উল্লেখ কৰি দলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি যাবলৈ সকলো পক্ষকে আহ্বান জনায়। এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, সম্পাদক লক্ষ্য কোঁৱৰ, জিলা প্ৰভাৰী লক্ষীনাথ তাছা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, প্ৰাক্তন জিলা সভাপতি উজ্জ্বল কাশ্যপ আদিকে ধৰি ভালেসংখ্যক নেতাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *