মিছামাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী নিখোজ!
ঈশা দাস নামৰ পৰীক্ষাৰ্থী গৰাকী ১৬ ফেব্ৰুৱাৰীৰ পৰীক্ষা দিবলৈ গৈ নিখোজ
চাইন অন ডেস্ক:
শোণিতপুৰ জিলাৰ মিছামাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱাৰ পৰত আদবাটৰ পৰাই নিখোজ হোৱা বুলি জানিবলৈ দিছে ৷ মিছামাৰীৰ ঢেকীপেলোৱা গাঁৱৰ নিৱাসী গৌতম দাস আৰু মামনি দাসৰ কন্যা তথা মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ ছাত্ৰী ঈশা দাস যোৱা ১০ আৰু ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত অসমীয়া আৰু সমাজ বিজ্ঞানৰ পৰীক্ষা সুকলমে দি ঘৰলৈ উভতি যায় ৷ আনহাতে পূৰ্বৰ দৰে যোৱাকালি ১৬ ফেব্ৰুৱাৰীৰ পৰীক্ষা দিবলৈ বুলি তাই তেজপুৰৰ ভাৰাতীয়া ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু পৰীক্ষাৰ্থী গৰাকী পৰীক্ষা কেন্দ্ৰ
ত গৈ নোপোৱাৰ লগতে সেইদিনাৰ পৰীক্ষাত বহা নাই বুলি জানিবলৈ দিছে ৷ উল্লেখ্য যে পৰীক্ষাৰ্থী গৰাকীৰ পিতৃ কৰ্মসূত্ৰে বহিঃৰাজ্য কেৰেলাত কৰ্মৰত আৰু মাতৃ মামনি দাস তিনিটা ল’ৰা-ছোৱালীক লগত লৈ তেজপুৰ পৰুৱাৰ হাৰিগাঁৱত ভাৰাতীয়া হিচাবে থাকে আৰু ভাৰা ঘৰৰ পৰাই মেট্ৰিক পৰীক্ষাৰ্থী ঈশা দাস মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দি আছিল ৷ জানিব পৰামতে ১০ তাৰিখৰ অসমীয়া আৰু ১৩ তাৰিখৰ সমাজ বিজ্ঞানৰ পৰীক্ষা সুকলমে দিয়াৰ পাছত ছাত্ৰী গৰাকী ১৬ ফেব্ৰুৱাৰীৰ ইংৰাজী পৰীক্ষা দিবলৈ তেজপুৰৰ ভাৰা ঘৰৰ পৰা ওলাই গৈছিল আৰু ইয়াৰ পাছৰ পৰাই পৰীক্ষাৰ্থী ঈশা দাস নিখোজ হৈ আছে ৷ কন্যা ঈশা দাস নিখোজৰ সন্দৰ্ভত মাতৃ মামনি দাসে ইতিমধ্যে মিছামাৰী আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন লিখিত অভিযোগ দাখিল কৰিছে ৷ কোনো সদাশয় লোকে পৰীক্ষাৰ্থী ঈশা দাসৰ সন্ধান পালে 7356070918 , 6000349327 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ বা মিছামাৰী আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷