...

দলংঘাটৰ বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন

Spread the love

দলংঘাটৰ বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন

শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

“ৰেডিঅ’ই জনসাধাৰণৰ মাজত যুগ যুগ ধৰি বিভিন্ন তথ্যৰ লগতে মানুহৰ মনোৰঞ্জনৰ অভাৱ পূৰণ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি এক দীঘলীয়া যাত্রাৰে ৰেডিঅ’ বৰ্তমান সময়তো এক শক্তিশালী গণমাধ্যম। ছাত্র-ছাত্রীসকলে ৰেডিঅ’ অনুষ্ঠান সমূহৰ জৰিয়তে জীৱনৰ জ্ঞান অহৰণ কৰিব পাৰে।” মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰমণিপুৰত অৱস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিশ্ব অনাঁতাৰ দিৱসৰ মুকলি সভাত বক্তব্য ৰাখি ৰাহুল দেৱ বৰদলৈয়ে এনেদৰে কয়। দিনৰ ১১বজাত বিশিষ্ট সমাজকৰ্মী নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে শ্ৰোতা সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ,বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমান,লোক শিল্পী মিলেশ্বৰ ডেকা,চহা শিল্পী সুৰেশ হাজৰিকা,দুৰ্গাপ্ৰসাদ নাথকে ধৰি বহু সংখ্যক জনসাধাৰণ। অনুষ্ঠানৰ আৰম্ভণিতে সোণতৰা বৰদলৈ আৰু সংগীসকলৰ কণ্ঠত নাম পৰিৱেশন, সুৰেশ হাজৰিকাই পৰিবেশন কৰা খগেন মহন্তৰ কালজয়ী গীতৰ পিছতে ছাত্র-ছাত্রী সকলৰ মাজত বিচিত্রা অনুষ্ঠান অনুষ্ঠিত হয়। এই সভাতে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই প্ৰবৰ্তন কৰা “লোকশিল্পী বঁটা-২০২৬” প্ৰতিভা দেৱীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বঁটাত আছে এখনি ফুলাম গামোছা,চেলেং চাদৰ,জাপি,এটি স্মাৰক আৰু সম্বৰ্ধনা পত্র। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৯ বজাত এখন বাহনত এটা বৃহৎ আকাৰৰ ৰেডিঅ’ লৈ নগাঁও টাউনৰ মাজেৰে পৰিভ্ৰমণ কৰি ৰাইদঙীয়া,চকলাঘাট,মাজগাঁৱৰ মাজেৰে আহি সভাস্থলিলৈ অহা হয়। মূল সভাৰ পূৰ্বে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৩ বজাত অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *