...

সৰাপাতৰ চিঠি বিলাই ধূলিয়ঁৰি বাটেৰে আহিল ফাগুন

Spread the love

সৰাপাতৰ চিঠি বিলাই ধূলিয়ঁৰি বাটেৰে আহিল ফাগুন

লাওঁখোৱা-বুঢাচাপৰি অভয়াৰণ্যত আৰম্ভ শিমলু উৎসৱ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

সৰাপাতৰ চিঠি বিলাই ধূলিয়ঁৰি বাটেৰে আহিল ফাগুন। এই ফাগুনৰ আছে এটা সুকীয়া সৌন্দৰ্য। সেইবাবে চাগে ফাগুনৰ প্ৰশস্তি বন্দনা কৰাত কবি গীতিকাৰসকল ব্যস্ত হয়। ঋতু পৰিবৰ্তনৰ নিয়ম মানি ধূলিয়ঁৰি বাটেৰে আহিল ফাগুন। ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন। পলাশ-শিমলুৰ প্ৰাণ চঞ্চলা নাচোন । ইফালে ফাগুন আহিলে যদিও পাই হেৰুওৱাৰ বেদনাত মন উৰি গুচি যায় তৎসত্বেও ফাগুনেইতো আশাৰ ৰং চতিয়াই। উতনুৱা ফাগুনত পলাশৰ ৰঙেৰে ৰাঙলী ডেকা গাভৰুৰ মন। ফাগুনৰ পছোৱাত বৈছে প্ৰেমৰ স্ৰোত । সৰাপাতৰ চিঠিখনে যেন বিলাইছে প্ৰেমৰ বতৰা। মন আকাশত উৰিছে প্ৰেমৰ নানাৰঙী চিলা । শ্বাশ্বত প্ৰেমৰ উম লৈ ফাগুনে খুলিছে শীতৰ আৱৰণ। ফাগুনৰ বতাহত বিয়পি পৰিছে প্ৰেমৰ বতৰা। নিস্তেজ ধৰাত ফাগুনী পছোৱাই বিলাইছে প্ৰেমৰ বতৰা । ধুলিয়ে সেউজত আবিৰ সানে । মদৰুৱা পাতবোৰ সৰিবলৈ লয় । ফাগুনৰ পছোৱাৰ পৰশত কুঁহিপাতক বাট এৰিছে মদৰুৱা পাতবোৰে ।

ফাগুনৰ ধূলিয়ঁৰি
আকাশত উৰি ফুৰা
মৌপিয়াজনী হৈ
তোমাৰ ওঁঠত
বাকি দিম নি:তম
সুৰীয়া ৰাগী ।
তুমি নৈ পৰীয়া
ৰঙা শিমলু ৰং
ভাল পোৱা নে
হালধীয়া সোণাৰু
তোমাৰ পানৈজনী হৈ যাম
ৰঙা নৈত সাঁতুৰি ।
ইপাৰ-সিপাৰ হ’ম
তোমালৈ লৈ যাম
মিবুং গালোকখনি
ডিঙিত পিন্ধাম ।
তৰা পাতে বন্ধা পিঠা
আয়ে দিব আনি
আপং খাই
লৃগাং চাবলৈ যাম ।

ফাগুন অহাৰ সময়তে শিমলুক কেন্দ্ৰ কৰিয়েই নগাঁও জিলাৰ লাওঁখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজন কৰা হ’ল শিমলু উৎসৱৰ। শিমলু ফুলৰ ৰঙা পৰিৱেশে এক অনন্য মাত্ৰা প্ৰদান কৰিছে পুনৰুজ্জীৱিত হোৱা অভয়াৰণ্য দুখনক। এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত আছিল লাওঁখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য। পিছে অভয়াৰণ্য দুখনলৈ প্ৰকৃতিয়ে দিয়া নান্দনিক সৌন্দৰ্যৰ সুযোগ লৈ অভয়াৰণ্য কৰ্তৃপক্ষয়ো পৰ্যটকক আকৰ্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এইবছৰ তৃতীয় বাৰৰ বাবে লাওঁখোৱা অভয়াৰণ্যত উদযাপন কৰিছে ব্যতিক্ৰমী উৎসৱ শিমলু উৎসৱৰ। এই শিমলু উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় চাইক্লিং আৰু মাৰাথন দৌৰ প্ৰতিযোগিতা। দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে শনিবাৰে লাওখোৱা অভয়াৰণ্যত আৰম্ভ হোৱা শিমলু উৎসৱৰ মাজেৰেই পৰ্যটকক আকৰ্ষণৰ চেষ্টা কৰিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল তথা লাওঁখোৱা বুঢ়াচাপৰি অভয়াৰণ্য কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *