প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক অৱতৰণৰ বাবে মৰাণৰ ই এল এফ (ELF) সাজু
মুখ্যমন্ত্ৰীৰ চৰজমিন পৰিদৰ্শন
চাইন অন ডেস্ক:
অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক ভ্ৰমণৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ মৰাণত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা (Emergency Landing Facility – ELF) কেন্দ্ৰৰ চুড়ান্ত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ বিমানখনে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক ঐতিহাসিক অৱতৰণ কৰিব।

মূল কাৰ্যসূচীৰ সুচাৰু পৰিচালনা নিশ্চিত কৰিবলৈ বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনাও যুঁজাৰু বিমান আৰু অন্যান্য বিমানেৰে আখৰা (Dress Rehearsal) সম্পন্ন কৰা হয়। বুধবাৰে সুখয়-৩০ (Sukhoi-30), ৰাফেল
বৃহস্পতিবাৰৰ আখৰাও প্ৰত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ প্ৰৱল ভিৰ পৰিলক্ষিত হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিশু আৰু আবাল-বৃদ্ধ-বনিতা এন এইচ-১২৭ (NH-127) ৰ কাষত থকা ই এল এফৰ বিভিন্ন স্থানত উপস্থিত হৈ এই ঐতিহাসিক আকাশী কছৰৎ উপভোগ কৰে। এটাৰ পিছত এটাকৈ বিমানে ৰানৱে স্পৰ্শ কৰি পুনৰ আকাশলৈ উৰা মৰাৰ দৃশ্য দেখি উপস্থিত জনতাই আনন্দত উল্লাস প্ৰকাশ কৰে।
ভাৰতীয় বায়ু সেনাৰ বাবে এই জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) এক গুৰুত্বপূৰ্ণ কৌশলগত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ সময়ত যদি পৰম্পৰাগত বিমানঘাটিসমূহ ব্যৱহাৰৰ অনুপযোগী হয়, তেন্তে ই সামৰিক বিমানৰ বাবে এক বিকল্প ৰানৱে প্ৰদান কৰিব। এই সুবিধাই উত্তৰ-পূবৰ দৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলত দেশৰ সুৰক্ষা আন্তঃগাঁথনিক অধিক শক্তিশালী কৰিব।

আখৰা আৰু মূল কাৰ্যসূচীৰ বাবে কৰ্তৃপক্ষই এন এইচ-১২৭ (NH-127) ৰ যান-বাহনসমূহ মৰাণ নগৰৰ মাজেৰে পুৰণি এন এইচ-৩৭ (NH-37) লৈ ডাইভাৰ্ট কৰিছে। যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা এই নিৰ্দেশনা ১৪ ফেব্ৰুৱাৰীলৈকে বাহাল থাকিব।