ৰাষ্ট্ৰপতি বঁটা প্ৰাপক প্ৰখ্যাত ৰাভা বস্ত্ৰশিল্পী অপিলা ৰাভাৰ প্ৰয়াণ
চাইন অন ডেস্ক:
প্ৰখ্যাত ৰাভা বস্ত্ৰশিল্পী তথা ৰাষ্ট্ৰপতি বঁটা প্ৰাপক অপিলা ৰাভাৰ য়োৱাকালি বুধবাৰৰ সন্ধিয়া প্ৰয়াণ ঘটে। দীৰ্ঘদিনে অসুস্থ হৈ থকা ৰাভাই ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ প্ৰয়াণত ৰাভা সমাজৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰিছে। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ আমবাৰী গাঁৱৰ বাসিন্দা অপিলা ৰাভাৰ জন্ম হৈছিল ১৯৬৪ চনত দেবীতোলাৰ আমবাৰী এটা দৰিদ্ৰ পৰিয়ালত। আৰ্থিক অসুবিধাৰ মাজতো তেওঁ নিজৰ একক প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ৰাভা জনজাতিৰ পৰম্পৰাগত পিন্ধনীয়া বস্ত্ৰ ‘খামবাং ফাকচেক’ (খামবাং) বয়নত অসাধাৰণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেশজুৰি সুনাম অৰ্জন কৰিছিল।তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰে। অপিলা ৰাভাই কেৱল ৰাজ্যিক পৰ্যায়তেই নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ৰাভা বস্ত্ৰশিল্পৰ সুনাম কঢ়িয়াই আনিছিল। আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ছুইজাৰলেণ্ড আদি দেশত তেওঁ ৰাভা বস্ত্ৰশিল্প প্ৰদৰ্শন কৰি অসমৰ ঐতিহ্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছিল। শিল্পচৰ্চাৰ লগতে সামাজিক ক্ষেত্ৰতো সক্ৰিয় আছিল ৰাভা; সময়ে সময়ে বিভিন্ন কুসংস্কাৰৰ বিৰূদ্ধে সৰব ভূমিকা লোৱা দেখা গৈছিল তেখেতক। অপিলা ৰাভাৰ প্ৰয়াণে অসমৰ ঐতিহ্যবাহী বস্ত্ৰশিল্প জগতত সৃষ্টি কৰিলে এক অপূৰণীয় শূন্যতাৰ।