প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী:
চাইন অন ডেস্ক:
প্ৰধানমন্ত্ৰীৰ ১৪ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী অনুসৰি
পুৱা ৭.১৫ বজাতঃ দিল্লীৰ পৰা যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীয়ে।পুৱা ৯.১৫ বজাতঃ ডিব্ৰুগড়ৰ চাবুৱা এয়াৰ বেছত উপস্থিত হব।পুৱা ১০ বজাতঃ চাবুৱাৰ পৰা যাত্ৰা কৰি ডিব্ৰুগড়ৰ মৰাণস্থিত ঘাইপথৰ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ)ত অৱতৰণ কৰাৰ কথা।উক্ত অনুষ্ঠানত এক সৰু মঞ্চৰ পৰা ৩০ মিনিটৰ এয়াৰশ্ব’ চাব প্ৰধানমন্ত্ৰী মোদীয়ে।য’ত ৰাফেল, চুখয়কে ধৰি ১৬ খন এয়াৰক্ৰাফ্ট আৰু ফাইটাৰ জেটে কৌশল প্ৰদৰ্শন কৰিব।দুপৰীয়া ১২.৩০ বজাতঃ গুৱাহাটী বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী।তেওঁ নিজেই মৰাণ ই এল এফৰ পৰা আই এ এফ চি-১৩০ বিমানেৰে উৰা মাৰি গুৱাহাটীত উপস্থিত হ’ব।