দেশৰ চিকিৎসকৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আইন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰৰক দাবী
চাইন অন ডেক্সঃকলকতাৰ আৰ জি মেডিকেল কলেজ হাস্পাতালৰ এগৰাকী যুৱতী চিকিৎসকক নৃশংস ভাবে হত্যা কৰাৰ পিচত দেশৰ চিকিৎসক সকলৰ নিৰাপত্তাৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছিল ইণ্ডিয়ান মেডিকেল এছোছিয়েছনে।সেয়ে এই বিশেষ আইন খন প্ৰণয়ন কৰিবলৈ অসম চৰকাৰৰক দাবী জনাবলৈ ইণ্ডিয়ান মেডিকেল এছোছিয়েছনৰ অসমৰ ৰাজ্যিক কমিটীৰ সদস্য সকলক আহ্বান জনাইছে ইণ্ডিয়ান মেডিকেল এছোছিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি দিলীপ ভানুশালীয়ে।বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ শিলচৰত অনুষ্ঠিত IMA ৰ ৩৭ তম দ্বি বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই আহ্বান জনাই দিলীপ ভানুশালীয়ে। কলকাতা কাণ্ডৰ পিচত সমগ্ৰ দেশত এতিয়াও চিকিৎসক সকল নিৰ্যাতনৰ বলি হ’ব লগা হৈছে বুলি ও মন্তব্য কৰে ভানুশালীয়ে। অনুষ্ঠানত বিভিন্ন দিশত আগবঢ়োৱা সেৱাৰ বাবে এইবাৰ অসমৰ ৫০ গৰাকী চিকিৎসকক বঁটা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত নলবাৰীৰ বিশিষ্ট চকু বিশেষজ্ঞ তথা সাহিত্যক ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, চিকিৎসক তপন ডেকা আৰু ডিব্ৰুগড়ৰ চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডাঃ মৃগাংক শেখৰ চলিহাৰ বঁটা প্ৰদান কৰা বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে IMA ৰ অসম ৰাজ্যিক কমিটীৰ বিদায়ী সভানেত্ৰী ডাঃ অৰুনীমা গোস্বামীয়ে।উল্লেখ্য যে শিলচৰত অনুষ্ঠিত অধিবেশনত ডা: প্ৰণৱ কুমাৰ শৰ্মাক সভাপতি আৰু পুৰ্বৰ সা:সম্পাদক ডা:অৰূপ কলিতাক পুনৰ সা: সম্পাদক মনোনীত কৰি আগন্তুক দুই বছৰৰ বাবে এখন নতুন কমিটী গঠন কৰা হয়।