...

৫ বছৰ পূৰ্বে জব্দ কৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জ্বলাই নষ্ট

Spread the love

৫ বছৰ পূৰ্বে জব্দ কৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জ্বলাই নষ্ট

ব্যবস্থা গ্ৰহণ ধুবুৰীৰ কেন্দ্রীয় শুল্ক বিভাগৰ সহকাৰী আয়ুক্তৰ কাৰ্যালয়ৰ

ধুবুৰী:

প্ৰায় ছয় বছৰ পূৰ্বে জব্দ কৰা বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰী অৱশেষত জ্বলাই নষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ধুবুৰীস্থিত কেন্দ্রীয় শুল্ক বিভাগৰ সহকাৰী আয়ুক্তৰ কাৰ্যালয়ে। জানিব পৰা মতে, ট্ৰাক এখনৰ পৰা জব্দ কৰা প্ৰায় ২০০ বস্তা চুপাৰী ধুবুৰী চহৰৰ মাজমজিয়াৰ তেতুলতলাস্থ এটা ভাড়াত লোৱা গুদামত চিল কৰি ৰখা হৈছিল। দীৰ্ঘ সময় ধৰি গুদামটোত ৰখাৰ পিছত আজি ধকেন্দ্ৰীয় শুল্ক বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ তীক্ষ্ণ পৰ্যবেক্ষণৰ মাজেৰে সেই গুদামটোৰ পৰা ৬খনকৈ ডিআই বাহনত চুপাৰীৰ বস্তাবোৰ ইটভাটা এটালৈ নি জ্বলাই দিয়াৰ পদক্ষেপ গ্ৰহণ কৰে। ইপিনে, ঘটনাস্থলীত উপস্থিত স্থানীয় সাংবাদিকসকলৰ সন্মুখত বিভাগীয় বিষয়াসকলে আনুষ্ঠানিকভাৱে কোনো মন্তব্য আগবঢ়াবলৈ অস্বীকাৰ কৰে। অৱশ্যে, গুদামটোৰ মালিক তথা স্থানীয় ব্যৱসায়ী শুভজিৎ ৰায়ে পাঁচ বছৰ পূৰ্বে শুল্ক বিভাগে তেওঁৰ গুদামটো ভাড়াত লৈ ট্ৰাক এখনৰ পৰা জব্দ কৰা প্ৰায় ২০০ বস্তা চুপাৰীৰ চিল কৰি ৰাখিছিল বুলি সদৰি কৰে। আজি সেই চুপাৰীবোৰ জ্বলাই নষ্ট কৰাৰ বাবে লৈ বিভাগটোৱে লৈ গৈ আছে বুলিও ৰায়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *