মানকাচৰত অপহৰণকাণ্ড!
আৰক্ষীৰ তৎপৰতাত অপহৃত ব্যক্তি উদ্ধাৰ
বলেৰ সহ আটক দুই অভিযুক্ত
মানকাচৰ:

যোৱা ৯ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১১ বজাত মানকাচৰ থানাৰ অন্তৰ্গত টুকৰাইপাৰা ঝাউডাঙা গাঁৱৰ ফুল বেগমে এখন এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰা অনুসৰি, তেওঁৰ স্বামী ছফিয়াল হকক নূৰ বক্ত আৰু জিনাৰুল ইছলাম নামৰ দুই দুৰ্বৃত্তই অপহৰণ কৰি এক অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে। কেৱল সেয়াই নহয়, অপহৰণকাৰীয়ে স্বামীৰ মোবাইল নম্বৰ আৰু এটা ফোন-পে’ (PhonePe) নম্বৰৰ জৰিয়তে পৰিয়ালৰ পৰা মুক্তিৰ বিনিময়ত ২ লাখ টকা দাবী কৰিছিল।

প্ৰথম পৰ্যায়ত, আৰক্ষীয়ে ঝাউডাঙা মাদ্ৰাছাৰ ওচৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা অৱস্থাত এখন বলেৰ’ বাহনসহ জিনাৰুল ইছলাম নামৰ অভিযুক্তজনক আটক কৰে।
জিনাৰুলক জেৰা কৰাৰ পিছত আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাৰ বালুঘাটস্থিত সোভান দেৱানীৰ বাসগৃহত অভিযান চলায়।
উক্ত স্থানৰ পৰাই অপহৃত ছফিয়াল হকক সুকলমে উদ্ধাৰ কৰা হয় আৰু আন এজন অভিযুক্ত ছয়দুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হয়।
এই ঘটনাৰ সৈতে জড়িত ধুবুৰীৰ ফকিৰগঞ্জৰ চবুৰ আলী নামৰ আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে মানকাচৰ থানাত এই সন্দৰ্ভত এক গোচৰ (Case No. 26/26) ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।