...

কলঙৰ বাকৰি নেহেৰুবালিত “আশাসকল এক অভিৱৰ্তন ২০২৫-২৬” বৰ্ষৰ অনুষ্ঠান সম্পন্ন

Spread the love

কলঙৰ বাকৰি নেহেৰুবালিত “আশাসকল এক অভিৱৰ্তন ২০২৫-২৬” বৰ্ষৰ অনুষ্ঠান সম্পন্ন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

আমাৰ গ্ৰাম্য স্বাস্থ্যসেৱাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আশা কৰ্মীসকল হ’ল সমাজৰ নীৰৱ কৰ্মী।আশাকৰ্মী সকলে প্ৰসূতি কল্যাণৰ পৰা আৰম্ভ কৰি শিশুৰ সমস্ত সুৰক্ষালৈকে মেৰুদণ্ড হিচাপে নিৰ বিচিন্নভাবে নিজৰ কৰ্মত গতি কৰি আছে। তেওঁলোকৰ ত্যাগ আৰু নিষ্ঠাই তৃণমূল পৰ্যায়ৰ স্বাস্থ্য ব্যৱস্থাক সজীৱ কৰি ৰখাত সমাজৰ প্ৰতিটো কোণলৈ স্বাস্থ্যসেৱা বিয়পাই সমাজখন গৌৰাম্বিত কৰিছে। তেওঁলোকৰ সেই অতুলনীয় সেৱাক ৰাজহুৱাকৈ স্বীকৃতি প্ৰদান কৰি নিজৰ কৰ্মস্পৃহা বৃদ্ধি কৰাৰ লগতে নিজকে সমৰ্পিত সেৱাৰ বাবে উচিত সন্মান জনোৱাৰ লক্ষ্যৰে সোমবাৰে স্বাস্থ্য সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুবালিত “আশাসকল এক অভিৱৰ্তন ২০২৫-২৬” বৰ্ষৰ অনুষ্ঠানটি অতি গাম্ভীৰ্যপূৰ্ণভাৱে সম্পন্ন কৰা হয়। কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে সন্মানীয় বিধায়ক গৰাকীয়ে নগাঁও জিলাৰ অন্তৰ্গত ৬০বছৰৰ উৰ্ধৰ অৱসৰপ্ৰাপ্ত মুঠ ১৩গৰাকী আশাকৰ্মীক মুঠ ২লাখ টকাকৈ এক কালীন সাহায্য প্ৰদান কৰাৰ বিপৰীতে জিলাখনৰ মুঠ ১০টা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ২০গৰাকী আশাকৰ্মীক চলিত বিত্তীয় বৰ্ষৰ শ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বাবে জিলা আয়ুক্তই ১৫০০ টকাকৈ অৰ্থ সাহায্য আৰু একোখনকৈ মানপত্ৰৰ লগতে ট্ৰফী প্ৰদান কৰে। সভাৰ অন্তিম পৰ্যায়ত আশা আৰু আশা পৰ্যবেক্ষকসকলে প্ৰদৰ্শন কৰা বিবিধ ধৰণৰ সাংস্কৃতিক অনুষ্ঠানে নেহৰুবালিৰ বাকৰিৰ পৰিৱেশটো সৰ্বাংগ সুন্দৰ কৰি তোলে। এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত(স্বাস্থ্য) সুদিপ নাথ,ভাৰপ্ৰাপ্ত জিলা স্বাস্থ্য সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা,নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ,ডাঃ ৰজত দত্ত ৰয়,মুখ্য স্বাস্থ্য চিকিৎসা বিষয়া (সংক্ৰামক ৰোগ),ডাঃ পৰশমণি গোস্বামী,অৱসৰপ্ৰাপ্ত জিলা স্বাস্থ্য সঞ্চালক ক্ৰমে ডাঃ অতুল চন্দ্ৰ পাতৰ,ডাঃ তপন কুমাৰ শইকীয়া,জ্যেষ্ঠ চিকিৎসক ডাঃ দিলীপ শৰ্মা,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক অনিৰ্বাণ বৰঠাকুৰকে ধৰি নগাঁও জিলাৰ স্বাস্থ্য বিষয়াসকল,জিলা প্ৰবন্ধকৰ সমূহ বিষয়ববীয়া,খণ্ড পৰ্য্যায়ৰ বিষয়াসকল,আশা আৰু আশা পৰ্যবেক্ষকসকলৰ লগতে বিশিষ্ট লোকসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *