সুধাকণ্ঠৰ সৃষ্টিৰাজিয়েই হ’ব পাৰে নতুন প্ৰজন্মৰ জীৱনবোধৰ পাঠশালাঃ ৰঞ্জন দত্ত
ডিব্ৰুগড়ত প্ৰগতিশীল নাৰী অঞ্জু বৰকটকী স্মাৰক বক্তৃতানুষ্ঠান
চাইন অন ডেস্ক:
অসমীয়া জাতিৰ হিয়াৰ আমঠু, বিশ্ববৰণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ গীত আৰু সৃষ্টিৰাজি কেৱল মনোৰঞ্জনৰ আহিলা নহয়, বৰঞ্চ ই আমাৰ জাতীয় চেতনা আৰু সমাজ জীৱনৰ এক দাপোণ। ভূপেন হাজৰিকা আন্তৰ্জাতিক ফাউণ্ডেশ্যনৰ সচিব তথা সাংস্কৃতিক কৰ্মী ৰঞ্জন দত্তই ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত জন সাংস্কৃতিক সমাজ, ডিব্ৰুগড় আৰু পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক অঞ্জু বৰকটকী স্মাৰক বক্তৃতানুষ্ঠানত উপস্থিত থাকি সুধাকণ্ঠৰ প্ৰাসংগিকতা সম্পৰ্কে আলোকপাত কৰি কালি এইদৰে মন্তব্য কৰে। তেওঁৰ উল্লেখ কৰে যে ভূপেন হাজৰিকাৰ গীতত আমাৰ জাতীয় চেতনাৰ লগতে মানুহৰ হাঁহি-কান্দোন, সুখ-দুখ আৰু প্ৰেমৰ দৰে প্ৰতিটো মানৱীয় উপাদান নিহিত হৈ আছে। বিংশ আৰু একবিংশ শতিকাৰ লোকসকলক সৌভাগ্যৱান বুলি আখ্যা দি তেওঁ কয় যে ভূপেন হাজৰিকাৰ পোনপতীয়া সান্নিধ্য লাভ কৰাটো আছিল এক বিৰল সুযোগ, যাৰ জৰিয়তে গীত গোৱাৰ কৌশল আৰু গীতৰ ভাব প্ৰকাশৰ গভীৰতা তেওঁ শিকিব পাৰিছিল। ৰঞ্জন দত্তই বিশেষকৈ সুধাকণ্ঠৰ গীতৰ উপস্থাপন শৈলীৰ ওপৰত গুৰুত্ব আৰোপ
কৰি কয় যে গান এটা গাই যোৱাতকৈ শব্দৰ শুদ্ধ উচ্চাৰণ আৰু নাটকীয়তাৰ মাজেৰে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰাটোহে আছিল শিল্পীগৰাকীৰ প্ৰধান শিক্ষা। এজন শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰোঁতে গেলাৰীৰ শেষৰজন মানুহেও যাতে শব্দৰ অৰ্থ আৰু গীতত অন্তৰ্নিহিত বক্তব্য বুজি পায়, তাৰ বাবে ভূপেন হাজৰিকাই শব্দৰ প্ৰয়োগ আৰু উচ্চাৰণৰ ওপৰত চকু দিবলৈ সদায় উপদেশ দিছিল। তেওঁৰ মতে, কেৱল বিতৰ্কৰে জনপ্ৰিয় হোৱাটো সহজ হ’ব পাৰে, কিন্তু সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পৰাকৈ শিক্ষা দিব পৰা শিল্পী অতি বিৰল। সেই দিশৰ পৰা চালে ভূপেন হাজৰিকা আছিল এগৰাকী পূৰ্ণাংগ ‘পেকেজ’, যিয়ে গীত লিখা, সুৰ দিয়া আৰু গোৱাৰ উপৰি নতুন প্ৰজন্মক আগুৱাই লৈ যোৱাত গুৰুত্ব আৰোপ কৰিছিল। খগেন মহন্ত বা সূৰ্য দাসৰ দৰে শিল্পীৰ উত্তৰণত সুধাকণ্ঠৰ ভূমিকাৰ কথা সোঁৱৰাই সাংস্কৃতিক কৰ্মীগৰাকীয়ে কয় যে লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি চাবানা আজমী বা নাচিৰুদ্দিন শ্বাহৰ দৰে দেশৰ আগশাৰীৰ শিল্পীসকলো যি আকৰ্ষণৰ বাবে সুধাকণ্ঠৰ ওচৰলৈ ঢাপলি মেলিছিল, সেই উপাদানসমূহৰ অন্বেষণ আৰু গৱেষণা কৰাটো বৰ্তমান সময়ত অত্যন্ত জৰুৰী। লগতে তেওঁ নতুন প্ৰজন্মক ড° হাজৰিকাৰ সৃষ্টিৰাজি গভীৰভাৱে অধ্যয়ন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ নিজে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত ভূপেন্দ্ৰ সংগীত শিকাবলৈ গৈ নতুনচামক এইসমূহ শিক্ষা প্ৰদানৰ প্ৰয়াস কৰি আহিছে বুলিও উল্লেখ কৰে। সৃষ্টিশীল মনৰ বাবে ভূপেন হাজৰিকাৰ জীৱন আৰু দৰ্শন এক অপৰিসীম জ্ঞানৰ ভাণ্ডাৰ বুলি অভিহিত কৰি ৰঞ্জন দত্তই কয় যে নতুন প্ৰজন্মই আগবাঢ়ি আহিলে এই মহান শিল্পীগৰাকীৰ পৰা শিকিবলগীয়া বহুত কথাই আয়ত্ত কৰি নিজৰ সাংস্কৃতিক জীৱন সমৃদ্ধ কৰিব পাৰিব। আনহাতে, তেওঁ “ভূপেন হাজৰিকাৰ গীতঃ জাতিৰ প্ৰতি সকীয়নি” শীৰ্ষক বক্তৃতাত ভূপেন হাজৰিকাৰ বহুকেইটা কালজয়ী গীত গাই তাৰ সাৰমৰ্ম আলোকপাত কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। জন সাংস্কৃতিক সমাজৰ শিল্পীবৃন্দই শীৰ্ষগীত পৰিৱেশন কৰাৰ পিছতে ড° ভূপেন হাজৰিকা, অঞ্জু বৰকটকী, বিপুল ফুকন আৰু ভদ্ৰাৱতী গগৈৰ প্ৰতিচ্চবিৰ সমুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জনোৱা হয়। তাৰ পিছতে জন সাংস্কৃতিক সমাজৰ উপ-সভাপতি হিৰণ্য সেনাপতিয়ে অঞ্জু বৰকটকীৰ চমু পৰিচয় দাঙি ধৰে। তাৰ পাছতে মূল বক্তা ৰঞ্জন দত্তক চিনাকী কৰাই দিয়াৰ লগতে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰঞ্জন দত্তই বক্তব্য প্ৰদান কৰাৰ পিছতে তেওঁৰ লগত উপস্থিত ৰাইজে মত-বিনিময় কৰি সমগ্ৰ পৰিৱেশটো সজীব কৰি তোলে। পৰৱৰ্তী সময়ত জন সাংস্কৃতিক সমাজৰ শিল্পীবৃন্দই ভুৱন গগৈ পৰিচালনাত সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে উপ-সভাপতি সুদক্ষিণা দাসে শলাগৰ শৰাই আগবঢ়াই। উপ-সভাপতি হিৰণ্য সেনাপতিয়ে এই সন্দৰ্ভত কয় যে প্ৰতিবছৰে জন সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠাপক সভানেত্ৰী অঞ্জু বৰকটকীৰ নামত বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সময় সাপেক্ষে পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বক্তৃতাৰ বিষয় নিৰ্বাচিত কৰা হয়। এইবছৰ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। হাছান ইকবালে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ জুৰী বৰা বৰগোহাঞি, সাংস্কৃতিক কৰ্মী কুশল কোঁৱৰ, অনাতাঁৰ শিল্পী সুৰেশ হাটীমূৰীয়া, ভূবন গগৈ, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, জন সাংস্কৃতিক সমাজৰ সভাপতি চেহিৰ আহমেদ, অঞ্জু বৰকটকীৰ স্বামী লক্ষ্যধৰ কলিতাৰ লগতে জন সাংস্কৃতিক সমাজৰ সকলো বিষয়ববীয়া আৰু বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।