নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা ,
শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ বেবেজীয়াত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত অঞ্চলৰ উদীয়মান যুৱক ৰিপুঞ্জয় শৰ্মাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি পৰহি (৭ ফেব্ৰুৱাৰী) উদযাপন কৰা হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী পূৰ্ণিমা শইকীয়া বৰাই বিদ্যালয়খনৰ অতীত স্মৃতি ৰোমন্থণ আৰু বিভিন্ন পৰ্যায়ৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠা শিক্ষয়িত্ৰীদ্বয় ইলি শৰ্মা আৰু পৰী শৰ্মাই। ভাষণ প্ৰসংগত পৰী শৰ্মাই শিক্ষাৰ্থীসকলক উন্নত শিক্ষাৰে শিক্ষিত কৰিবলৈ ছাত্র-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক এই তিনি কোণে শক্তিশালীভাৱে কাম কৰিব লাগিব। অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়ৰ শৈক্ষিক তথা গাণণিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই শিক্ষাৰ্থীসকলক নিয়মানুৱর্তিতা আৰু সময়ানুৱৰ্তিতাৰ অটুট ৰাখিলেহে আমি সৰ্বদিশত সফলতা অৰ্জন কৰিব পাৰিম বুলি মন্তব্য কৰে। শিক্ষক উজ্জ্বল কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে। বিদ্যালয়ৰ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ “আলোক সন্ধানী আশাৰ আলয়” উদ্বোধনী গীতটি পৰিৱেশন কৰাৰ লগতে অসম সংগীত “অ’ মোৰ আপোনাৰ দেশ”ৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। উল্লেখযোগ্য যে ২০০৫ চনৰ ৭ফেব্ৰুৱাৰীত আৰ্য জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল।
Like this:
Like Loading...