...

মিঞাৰ বাহিৰে আন কোনো লোকৰ ভোট লাভ নকৰে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

Spread the love

 

মিঞাৰ বাহিৰে আন কোনো লোকৰ ভোট লাভ নকৰে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

এইবাৰ ৰাইজে যি দেখিছে সেইয়া নৃত্য নাটিকা, নাটকখন অহা পাঁচ বছৰত হে হ’বঃ মুখ্যমন্ত্ৰী

চাইন অন ডেস্ক:

ঐতিহাসিক চৰাইদেউৰ সোণাৰিত বুধবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।সোণাৰিৰ ৰাজহুৱা খেলপথাৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । এই সভাত অংশগ্ৰহণ কৰিয়েই সোণাৰি সমষ্টিত ২৮২৯৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ ১০০০০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে। সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ আৰম্ভ কৰি উদ্যমিতা আঁচনিৰ বিষয়ে সভাত উপস্থিত থকা মহিলা সকলক অৱগত কৰে। লগতে উদ্যমিতা আঁচনিৰ ১০০০০ হাজাৰ সৎ ব্যৱহাৰ কৰিলে ইয়াৰ পাছত কেনেদৰে চৰকাৰৰ পৰা মহিলা সকলে লাভম্বিত হ’ব সেই বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজৰ বাবে আগৰ কোনো চৰকাৰে কৰিব পৰা নাছিল যিখিনি বিজেপি চৰকাৰে কৰিছে। এইবাৰ মই প্ৰথম অসমৰ মুখ্যমন্ত্ৰী হৈছোঁ ভালকৈ বুজি পোৱা নাছিলো দুই তিনি বছৰ। তাৰ মাজতেই ইমানখিনি কৰিছোঁ। এইবাৰ ৰাইজে যি দেখিছে সেইয়া নৃত্য নাটিকা, নাটকখন অহা পাঁচ বছৰত হে হ’ব। ৰাইজক আৰু আমি আগুৱাই লৈ যাম। আনহাতে মুখ্যমন্ত্ৰীয়ে এই জনসভাৰ পৰাই সোণাৰি সমষ্টিত ১০ টা

জগন্নাথ সামূহিক আৰু দক্ষতা বিকাশ কেন্দ্ৰ,দিচাং নদীৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্প ,নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে সোণাৰি সমষ্টিত সৰ্বমুঠ ৯৯ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে । অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা কোঁৱৰ, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।‌

*কংগ্ৰেছে যি ভোট পাব মিঞাৰ পৰাই পাব*

সাংবাদিকৰ সৈতে মুখামুখি হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলে মিঞাক লৈ ৰাজনীতি কৰা প্ৰসংগত কয়, “এতিয়া কংগ্ৰেছ দল আৰু মিঞা একেই ।‌ ‘কংগ্ৰেছে যি ভোট পাব মিঞাৰ পৰাই পাব’ । মিঞাৰ বাহিৰে আন কোনো লোকৰ ভোট লাভ নকৰে কংগ্ৰেছে ।

*৫০ টা সমষ্টিত বিজেপিৰ এজন এজন প্ৰাৰ্থী*

আগন্তুক বিধানসভা নিৰ্বাচনত সোণাৰিৰ বিজেপিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত এতিয়ালৈ প্ৰাৰ্থী নিশ্চিত হোৱা নাই সাংবাদিক প্ৰশ্নত কয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, “সোণাৰি সমষ্টিত আমাৰ বহুকেইগৰাকী নেতাই টিকট বিচাৰিছে। টিকট যিহেতু এজনে পাব ভাবি চিন্তি দিব লাগিব। য’ত এজন প্ৰাৰ্থী তাত ক’ব পাৰি । ৫০ টা সমষ্টিত বিজেপিৰ এজন এজন প্ৰাৰ্থী। য’ত বেছি আছে তাত নিয়মমতে গৈ প্ৰাৰ্থী বাচনি কৰিব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *