নগাবাটৰ পানীখেতি মিছিং গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে আলি আঃয়ে লৃগাং আয়োজন
পৰম্পৰাগত পানীয় প্ৰস্তুত-সংৰক্ষণ আদিৰে ব্যাপক প্ৰস্তুতি
যোৰহাট:
অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নগাবাটৰ পানীখেতি মিছিং গাঁৱত ১৮ ফেব্ৰুৱাৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। বৰ্তমান লৃগাঙৰ বাবে ৰনোজ পায়ুনক সভাপতি, মোহন চিৰাঙক সম্পাদক, ৰাহুল কুটুমক উপ সভাপতি, গোপাল পায়ুন, ৰাজেশ পেগুক কাৰ্যকৰী সভাপতি, উজিত দলে, পংকজ কুটুম, নোমল পায়েঙক সহ সম্পাদক, প্ৰকাশ কুটুম, লক্ষীনাথ চিৰাঙক যুটীয়া সম্পাদক, যোগেন্দ্ৰ পেগু, জীৱন পায়েং, ৰূপজ্যোতি দলেক কোষাধ্যক্ষ হিচাপে লৈ গঠিক এখন সমিতিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি আৰম্ভ কৰিছে। লৃগাঙৰ বাবে পানীখেতি মিছিং গাঁৱৰ লোকসকলে সমিলমিলে পৰম্পৰাগত পানীয় প্ৰস্তুতকৰণ, সংৰক্ষণ আদিৰ কামো আৰম্ভ কৰিছে। লৃগাঙৰ দিন চমু চাপি অহাৰ লগে লগে গাঁওখনত ক্ৰমাৎ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। উক্ত দিনা পুৱা পতাকা উত্তোলন, গছপুলি ৰোপণৰ পিছতে আম লৃঃগদ, গুমৰাগ চঃমান, সম্বৰ্ধনা অনুষ্ঠান, আমন্ত্ৰিত গুমৰাগ নৃত্য প্ৰদৰ্শন, আহাৰ গ্ৰহণ আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। আবেলি মিছিং গীতত একক নৃত্য প্ৰতিযোগিতা, আমন্ত্ৰিত তিতাবৰ বৰহোলা আঞ্চলিক দলৰ গুমৰাগ চঃমান আদিৰ লগতে নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। লৃগাঙত অঞ্চলটোৰ শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজসকলে।