...

গোলকগঞ্জৰ বিবাহ যাত্ৰী কঢ়িওৱা বাহনত ভয়ংকৰ দূৰ্ঘটনা

Spread the love

গোলকগঞ্জৰ বিবাহ যাত্ৰী কঢ়িওৱা বাহনত ভয়ংকৰ দূৰ্ঘটনা

আগিয়াৰ বুধিপাৰাত বিবাহ যাত্ৰীৰ বাছত-মেজিকত খুন্দা ট্ৰাকৰ
নিহত দৰাৰ জ্যেষ্ঠ ভাতৃ-মোমায়েক

চাইন অন ডেস্ক:

ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাওঁৰ এঘৰত এতিয়া কান্দোনৰ ৰোল।কালি নিশা ৭টা মান গাওঁখনৰ লক্ষীকান্ত দাসৰ পুত্ৰ বিষ্ণু দাসে বিবাহ কৰিবলৈ গৈছিল গোৱালপাৰাৰ আগিয়ালৈ। কিন্তু, দূৰ্ভাগ্যক্ৰমে সুকলমে বিবাহ সম্পন্ন কৰি দৰা-কইনাসহ উভতাৰ সময়ত বিবাহ যাত্ৰী বাহনত সংঘটিত হয় এক ভয়ানক দূৰ্ঘটনা। জানিব পৰা মতে, আগিয়া থানাৰ অন্তৰ্গত বুধিপাৰাত ৰখি থকা বিবাহ যাত্ৰীৰ বাছ আৰু এখন মেজিক বাহনত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে। ফলত থিতাতে মৃত্যু হয় দৰাৰ জ্যেষ্ঠ ভাতৃ মহেশ দাস আৰু মোমায়েক ৰবি দাসৰ। শোকাবহ এই ঘটনাক লৈ এতিয়া বৃহত্তৰ গোলকগঞ্জ অঞ্চলত এতিয়া পৰিছে শোঁকৰ ছা।

Leave a Reply

Your email address will not be published. Required fields are marked *