...

অনুশীলনৰ সময়ত আঘাতপ্রাপ্ত বিৰাট কোহলি

ডুবাই,৯ মার্চ: আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ অনুৰাগীৰ বাবে এক দুঃখবৰ। অনুশীলনৰ সময়ত আঁঠুত আঘাত পালে তাৰকা বেটাৰ বিৰাট কোহলিয়ে। ডুবাইত আজি নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে কৰা অন্তিম নেট অনুশীলৰ সময়ত আঁঠুত আঘাত পায় তাৰকা বেটাৰ কোহলিয়ে।কালি দলীয় অনুশীলনৰ সময়ত আঠুত আঘাত পায় কোহলিয়ে। লগে লগে খেলপথাৰলৈ দৌৰি আহে টীম ইণ্ডিয়াৰ ফিজিঅ’। কোহলিৰ আঘাতপ্রাপ্ত স্থানত লগে লগে স্প্রে কৰাৰ লগতে আঁঠুত কিছুসময় বেণ্ডেজ বান্ধি ৰখা হয় বুলি এক সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰত প্ৰকাশ। অৱশ্যে আঘাত পোৱাৰ পিছত কোহলিয়ে কিছু সময় অনুশীলন বন্ধ কৰি ৰাখে। দলৰ মেডিকেল টীমৰ সদস্যসকলে কোহলিক তীক্ষ্ণভাৱে নিৰীক্ষণত ৰাখে। তাৰকা বেটাৰগৰাকীৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে।আজি খিতাপ যুঁজৰ মেচখনত কোহলিয়ে খেলিব পাৰিব বুলি দলৰ প্ৰশিক্ষক ষ্টাফে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *