ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অসম
অসমত আমি নাৰী সবলীকৰণত প্ৰতিদিনে গুৰুত্ব প্ৰদান কৰি আহিছোঁ৷ বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা ছোৱালীৰ পৰা জ্যেষ্ঠগৰাকীলৈকে, সকলোৰে বাবে সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰাত আমি কাম কৰি আহিছোঁ। আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিশেষ উপলক্ষত আমাৰ চৰকাৰে গ্ৰহণ কৰা কেইটামান মহিলা সবলীকৰণৰ পদক্ষেপত এবাৰ চকু ফুৰাওঁ আহক।
আমাৰ ধ্বজাবাহী বিত্তীয় সমৰ্থন আঁচনি অৰুণোদয়ৰ জৰিয়তে এক বিস্তৃত সামাজিক সুৰক্ষা প্ৰদান কৰি অসমৰ প্ৰায় ৩৭ লাখ মহিলাক মাহে ১,২৫০ টকাকৈ আগবঢ়াই থকা হৈছে। আমি এই আঁচনিখন আৰম্ভ কৰা প্ৰথম ৰাজ্য আৰু ইয়াক আৰম্ভ কৰাৰ পাছত সময়ানুক্ৰমে হিতাধিকাৰী আৰু প্ৰাপ্য ৰাশি একাধিকবাৰ সম্প্ৰসাৰিত কৰিছোঁ৷
বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ জৰিয়তে ছোৱালীৰ শৈশৱ সুৰক্ষিত কৰাত আমি মনোনিৱেশ কৰিছোঁ৷ আমি কাৰ্যভাৰ গ্ৰহণৰ পাছতে বাল্য বিবাহৰ সৈতে যুক্ত আইন ভংগকাৰীসকলৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু ২ হাজাৰৰো অধিক এনে অভিযুক্তক আটক কৰা হৈছে৷ ইয়াৰ ফলাফল আমাৰ সন্মুখত — ২০২১ চনৰ পৰা ২০২৩ চনলৈ বাল্য বিবাহ ৮১% হ্ৰাস (আইচিপি প্ৰতিবেদন অনুসৰি) পাইছে৷
মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি আছিল আমাৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অন্যতম৷ আমি ইয়াক দায়বদ্ধতাৰে ৰূপায়ণ কৰি ২০২৪ চনলৈকে ১২ লাখৰো অধিক মহিলাৰ ২৩ হাজাৰ কোটি টকা ৰেহাই দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ উদ্যমিতাৰ যাত্ৰা আগবঢ়াই নিয়াৰ বাবে পুনৰ ঋণ পাব পৰাকৈ সক্ষম কৰি তোলা হৈছে।
আন এক উল্লেখনীয় পদক্ষেপ নিযুত মইনাৰ জৰিয়তে আমাৰ ছাত্ৰীসকলৰ আকাংক্ষাক আমাৰ চৰকাৰে সমৰ্থন আগবঢ়াই আহিছে৷ বাল্য বিবাহ আৰু শিক্ষা আধাতে এৰিবলগা প্ৰত্যাহ্বানৰ মোকাবিলা কৰি নিযুত মইনা আঁচনিয়ে ছাত্ৰীসকলক স্নাতকোত্তৰ পৰ্যায়লৈকে বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম কৰিছে৷ ইয়াৰ অধীনত প্ৰতি বছৰে পৰ্যায় অনুসৰি ২৫,০০০ টকালৈকে সাহায্যৰ সৈতে ১০ লাখ ছাত্ৰীক সামৰি লোৱা হ’ব।
মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগী সৃষ্টি আমাৰ অন্যতম লক্ষ্য৷ ১ এপ্ৰিলত আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলগীয়া এই আঁচনিখনে ৰাজ্যখনৰ ৩৫ লাখৰো অধিক মহিলাক সামৰি ল’ব আৰু প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব আৰু অনুদানৰ সঠিক ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেংক ঋণৰ সুবিধাৰে বিশেষ ৰেহাইৰ সৈতে অতিৰিক্ত ২৫ হাজাৰ টকাও প্ৰদান কৰা হ’ব৷