শূণ্য শুক্লৰে ইউৰোপীয়ান দেশলৈ যাব অসমৰ চাহ
ডিব্ৰুগড়ৰ জনসভাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ
চাইন অন ডেস্ক:
শূণ্য শুক্লৰে ইউৰোপীয়ান দেশৰ বজাৰ দখল কৰিব অসমৰ গৌৰৱ চাহ।ডিব্ৰুগড়ত শুক্ৰবাৰে অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাই দুশ বছৰীয়া ইতিহাস গৰকা অসমৰ চাহ উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত চাহ উদ্যোগৰ বিস্তৃত সুযোগ আৰু সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে, এই ডিব্ৰুগড়ৰ ভূমিৰ পৰা অসমৰ চাহৰ সুগন্ধিত সমগ্ৰ বিশ্বত বিয়পি পৰে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। চাহৰ ৰাজধানী হিচাপে পৰিচিত ডিব্ৰুগড়ৰ চাহ উদ্যোগে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছে।
আনহাতে ডিব্ৰুগড়ৰ চাহ উদ্যোগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দি অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে অসমৰ চাহক লৈ ২৭ খন ইউৰোপীয়ান দেশসমূহৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰা হৈছিল। ভাৰত আৰু ইউৰোপীয়ান দেশসমূহৰ মাজত হোৱা এই চুক্তিয়ে ডিব্ৰুগড়বাসীক বিশেষভাৱে লাভাম্বিত কৰিব। ইউৰোপীয়া ৰাষ্ট্ৰৰ সৈতে সূচনা হোৱা মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ চাহ শূণ্য শুক্লৰে ইউৰোপলৈ প্ৰৱেশৰ পথ প্ৰশস্ত কৰিব। ২৭খন দেশলৈ শুল্ক অবিহনে ৰপ্তানি হ’ব অসমৰ চাহ। প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ চাহৰ বাবে এই ডাঙৰ কাম কৰিলে। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই প্ৰশংসনীয় পদক্ষেপে অসমৰ সমৃদ্ধ চাহ বাগিচাসমূহ আৰু অৰ্থনীতিৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে৷