...

অবৈধ বিদেশীক কংগ্ৰেছৰ ভোট বেংকৰ হাথিয়াৰ আছিল!

Spread the love

 

 

 

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ চৰকাৰ হলে বহিস্কাৰ কৰিম অবৈধ অনুপ্ৰৱেশকাৰীকঃ অমিত শ্বাহ

অবৈধ বিদেশীক কংগ্ৰেছৰ ভোট বেংকৰ হাথিয়াৰ আছিল!

অবৈধ অনুপ্ৰৱেশকাৰী বিদেশীৰ বিৰুদ্ধে সৰৱ গৃহমন্ত্ৰী অমিত শ্বাহ

চাইন অন ডেস্কঃ
‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে তৃতীয়বাৰলৈ চৰকাৰ বনাই দিলে এজন এজনকৈ বিচাৰি অবৈধ বিদেশীক বহিস্কাৰ কৰিম।’ শুক্ৰবাৰে ডিব্ৰুগড় খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত এনেদৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত আৰু কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ বনাওক। এজন এজনকৈ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হ’ব। অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে। অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে। কাজিৰঙাতো বেদখল কৰি ভাবুকিৰ সৃষ্টি কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। যিসকল বিদেশী, তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব। কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব।

অসমৰ উন্নয়ন আৰু জাতিৰ সুৰক্ষাৰ বাবে তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ আনিব লাগিব। আনহাতে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমৰ দৰিদ্ৰ জনতাৰ অধিকাৰ কাঢ়ি লোৱা বুলি উল্লেখ কৰি জনগাঁঠনিৰ পৰিৱৰ্তনেৰে অনুপ্ৰৱেশকাৰীয়ে দেশৰ সুৰক্ষালৈ ভাবুকি আনিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্বাহে। ইফালে দশক দশক ধৰি অসমে ভোগ কৰি অহা অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ বাবে অনুপ্ৰৱেশক হাথিয়াৰ বনাইছিল বুলি কটাক্ষ কৰি শ্বাহে কয়, কিন্তু বৰ্তমান অসমৰ জনবিন্যাস সলনি কৰাৰ চক্ৰান্ত বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো। অসমবাসীক সাৱধানবাণী দি গৃহমন্ত্ৰী অমিত শ্বাহে শ্বাহে কয়, চৰকাৰৰ সমান্তৰালকৈ যদি অসমবাসীয়ে অনুপ্ৰৱেশকাৰীৰ এনে পৰিকল্পিত জনবিন্যাসৰ পৰিৱৰ্তন ৰোধ নকৰিলে ভৱিষ্যতে ভয়ংকৰ বিপদত পৰিব অসম। আনহাতে কংগ্ৰেছৰ দিনত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে অসমৰ সীমা খোলা আছিল বুলি সমালোচনা কৰি অমিত শ্বাহে লগতে কয়, কেন্দ্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তথা অসমত প্ৰথমে সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাত বন্ধ হ’ল অসমলৈ অনুপ্ৰৱেশ। অসম-বাংলাদেশ সীমান্ত ছীল হোৱাৰ বাবে এতিয়া অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ নহয়। কেৱল অনুপ্ৰৱেশ বন্ধ কৰাৰ দাবীয়েই নহয় ’২৬ত পুনৰ অসমবাসীক বিজেপি চৰকাৰক শাসনলৈ অনাৰ আহ্বান জনাই গৃহমন্ত্ৰী শ্বাহৰ দাবী, পূৰ্বে যিসকল বাংলাদেশী অসমলৈ আহিলে তেওঁলোকো সাৰি নাযায়। বাচি বাচি প্ৰতিটো বাংলাদেশীকে খেদিব বিজেপি চৰকাৰে। সেইবাবেই অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত পুনৰ বিজেপি চৰকাৰক শাসনলৈ অনাৰ আহ্বান জনালে গৃহমন্ত্ৰী শ্বাহে।

কংগ্ৰেছক পুনৰ সমালোচনা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, কংগ্ৰেছৰ দিনত বহুত ঘোষণা ঘোষণা হৈয়ে থাকি গৈছিল। স্বাধীনতাৰ পিছৰে পৰা অধিক সময় শাসনত থাকি কংগ্ৰেছে বছৰ বছৰ অসমৰ বিকাশৰ বাবে একো নকৰিলে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৃদয়ত অসম আছে বাবেই এতিয়াহে অসমৰ উন্নয়ন হৈছে। আজি সকলো উন্নয়নমূলক কামতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম প্ৰাধান্য পায় অসমে। দেশৰ কেৱল ৩ খন ৰাজ্যত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ কথা আহিলেও এতিয়া ২৭ হাজাৰ কোটিৰ বৃহৎ বিনিয়োগ অসমেই পায়। এয়া সম্ভৱ হৈছে বিজেপি চৰকাৰৰ সদিচ্ছাৰ বাবে।

ইফালে কংগ্ৰেছক কটাক্ষ কৰি ৰাহুল গান্ধীলৈ প্ৰশ্ন অমিত শ্বাহৰ, ইমান দিনে কি দিলে অসমক। গুলী, বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অসমৰ তেজাল যুৱকক হত্যাহে কৰিছিল কংগ্ৰেছে। এসময়ত কাৰ্ফিউ, বোমা বিস্ফোৰণ, গুলীৰ শব্দৰে ৰজনজনাইছিল এইখন অসম। কিন্তু আজি ভূপেন দাৰ সংগীত ইয়াৰ পৰা বিশ্বলৈ বিয়পিছে। সমান্তৰালকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে কংগ্ৰেছৰে নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈকো বিজেপিয়ে ভাৰতৰত্ন দিবলগীয়া হ’ল। দেশৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত ৰাহুল গান্ধীয়ে অসমৰ গামোচাক অপমান কৰা বুলি অভিযোগ আনি অমিত শ্বাহে কয় যে, ২৬ জানুৱাৰীত এটা কাৰ্যসূচীত ৰাষ্ট্ৰপতিয়ে সকলোকে উত্তৰ-পূবৰ গলবস্ত্ৰ পিন্ধালে। বিশেষ অনুষ্ঠানটোত উপস্থিত থকা ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষৰ পৰা সকলোৱে পিন্ধিলে উত্তৰ-পূবৰ সংস্কৃতিৰে সমৃদ্ধ গলবস্ত্ৰ। তাত উপস্থিত এজনেই নিপিন্ধিলে, তেওঁ হ’ল ৰাহুল গান্ধী। উত্তৰ-পূবৰ গামোচা যে নিপিন্ধিলে অসম তথা উত্তৰ-পূবৰ সৈতে কি শত্ৰুতা আছে? কিয় ইমান অন্যায় কৰে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি অসমৰ জনতাক অমিত শ্বাহৰ অভয়বাণী, বিজেপি শাসনত থকালৈকে উত্তৰ-পূবৰ সংস্কৃতি সুৰক্ষিত হৈ থাকিব। আনহাতে গামোচাই সংস্কৃতিৰ সন্মানৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে লগতে কয়, প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশলৈ গ’লে কান্ধত লৈ যায় অসমৰ গামোচা। বিদেশত শংকৰদেৱ, মাধদেৱৰ পৰিচয় বলিষ্ঠভাৱে দাঙি ধৰে মোদীয়ে। অসমত অনুপ্ৰৱেশ ঘটাই ভোট বেংকৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে। অমিত শ্বাহে পুনৰ কংগ্ৰেছক সমালোচনা কৰি কয়, কংগ্ৰেছে অসমৰ চাহক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইমানদিনে অসমৰ চাহ শ্ৰমিকৰ কোনো ঠিকনা নাছিল। বিজেপি চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ পদক্ষেপ ল’লে। চাহ শ্ৰমিকক মাটিৰ মালিক বনালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *