...

ক্ৰিকেটৰ ভিৰৰ মাজত অসমত ফুটবলৰ মহাৰণ

Spread the love

ক্ৰিকেটৰ ভিৰৰ মাজত অসমত ফুটবলৰ মহাৰণ

৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ ব্যাপক উচাহ

পুলকজ্যোতি বৰা,ঢকুৱাখনা:

ফুটবল জ্বৰত এতিয়া আক্ৰান্ত উত্তৰ অসম। ক্ৰিকেটৰ ভিৰৰ মাজত ফুটবলৰ মহাৰণ।ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাই আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৰাজ্যৰ লগতে দেশৰ ফুটবলাৰৰ মাজত।দেশৰ বিভিন্ন প্ৰান্তৰ তাৰকা ফুটবলাৰৰ সমাৱেশ ঘটা প্ৰতিযোগিতাখনত ফুটবলাৰৰ দুভৰিৰ যাদু চাবলৈ খেলপথাৰত ভিৰ কৰিছে হাজাৰ হাজাৰ ফুটবল অনুৰাগীয়ে।ক্ৰিকেটৰ ভিৰৰ মাজতো ফুটবল অনুৰাগীৰ ব্যাপক উন্মাদনা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাখনক লৈ দৰ্শকৰ ব্যাপক উচাহে যেন প্ৰমাণ কৰিছে
অসমৰ ফুটবলক লৈ যেন ঘূৰি আহিছে অতীতৰ উন্মাদনা।২১ জানুৱাৰীৰ পৰা ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্ৰকল্প আৰু ধেমাজিৰ চিলাপথাৰস্থিত ক্রীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে ভাৰতৰ আটাইতকৈ পুৰণি আৰু পৰম্পৰাগত ফুটবল প্ৰতিযোগিতা ৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সুদীৰ্ঘ ১৫ বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী চূডান্ত পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাই সুকীয়া স্থান দখল কৰিছে ফুটবলপ্ৰেমীৰ মাজত। দেশৰ নামী-দামী ফুৰবলাৰৰ আকৰ্ষণীয় শ্বট, দুৰ্দান্ত স্কিল আদিৰ প্ৰদৰ্শনে হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে এসময়ত বানে গৰকা ঢকুৱাখনা- ধেমাজিৰ দৰে দেশৰ প্ৰান্তীয় অঞ্চলত সীমিত ক্রীড়া আন্ত:গাঁঠনিৰ মাজতেই ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুস্থিত কৰি একপ্ৰকাৰ চেলেঞ্জ হিচাপে লৈছে অসম ফুটবল সন্থাই।সন্থাৰ সভাপতি নৱ কুমাৰ দলেৱে কয় যে – অসমত ফুটবল প্ৰতিভাৰ অভাৱ নাই।অসমৰ চুকে কোণে আছে প্ৰতিভাবান ফুটবল খেলুৱৈ।অসমৰ ফুটবলে এক সোণালী ঐতিহ্য কঢ়িয়াই ফুৰিছে আৰু বৰ্তমান ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস চলি আছে। তেওঁ জনোৱা অনুসৰি -সন্তোষ ট্ৰফী চূডান্ত পৰ্য্যায়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ১২টা ফুটবল দলে অংশগ্ৰহণ কৰিছে। খেলখনত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ২৬৪ গৰাকী খেলৱৈ,৭২ গৰাকী প্ৰশিক্ষক,৩১গৰাকী মেচ অফিচিয়েল ২০ গৰাকী ৰেফাৰী আৰু সৰ্বভাৰতীয় ফুটবল সন্থা আৰু অসম ফুটবল সন্থাৰ বিষয়-ববীয়াসহ মুঠ ৪০০ গৰাকী ফুটবলৰ লগত জঢ়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে।উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ফিফা প্লাছ মঞ্চৰ জৰিয়তে প্রতিযোগিতাৰ সকলো খেল পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি প্ৰচাৰৰ ব্যৱস্থা কৰিছে।ফলত এই ভাৰতীয় ফুটবল প্ৰতিযোগিতাই কেৱল দেশতে নহয় বিদেশতো বিয়পি পৰিছে। প্ৰতিযোগিতাখনত নকআউট পৰ্যায়ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা শীৰ্ষ চাৰিটা দল অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ৫ ফেব্ৰুৱাৰীত ছেমি ফাইনেল খেল দুখন আৰু ৮ ফেব্ৰুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।উত্তৰ অসমত আলোড়নৰ সৃষ্টি কৰি নতুন প্ৰজন্মৰ মাজত আশাৰ সঞ্চাৰ সৃষ্টি কৰা
ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাই উঠি অহা প্ৰতিভাৱান খেলুৱৈৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাত ভূমিকা পালন কৰিব পৰা বুলি আশা কৰা হৈছে।সকলোৰে আশা অসমতেই সূচনা হওক ৰাষ্ট্ৰীয় ফুটবলৰ নতুন দুৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *