“৫০ লাখ বাংলাদেশী অসমৰ ভূমিত আছে; তেওঁলোকক এতিয়াও বহিস্কাৰ কৰা হোৱা নাই। তেওঁলোক থাকি গলে, সেই ৫০ লাখে নিজৰ জনসংখ্যা ৫ কোটি কৰি দিব আৰু ৫০ লাখ মিঞাই অসমক বাংলাদেশ বনাই দিব।” এই আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ ডাঃ প্ৰবীন ভাই টোগাৰিয়াৰ। আজি ধুবুৰী জিলাৰ গোলকগঞ্জত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ধুবুৰী আৰু কোকৰাঝাৰ জিলা বজৰং দলৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনত অংশ লোৱাৰ পিছত চাঞ্চল্যকৰ এই মন্তব্য কৰে টোগাৰিয়াৰ। তেওঁ আৰু কয়, “আমাক লাগে সুৰক্ষিত হিন্দু। সুৰক্ষিত হিন্দুৰ বাবে অসমত থকা ৫০ লাখ বাংলাদেশীক চৰকাৰে খেদক। কেন্দ্ৰ আৰু প্ৰদেশত ভাজপা চৰকাৰ আছে; ইয়াত হিন্দুনিষ্ঠ আৰু শক্তিশালী হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী আছে। যি কাম কৰা সম্ভৱ হয়, প্ৰবীণ টোগাৰিয়াৰ দাবী হ’ল – সোনকালে কৰক।”
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.