অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টা
ঢকুৱাখনা মহাবিদ্যালত পিঠা-পনা প্ৰস্তুত
প্ৰতিযোগিতা
পুলকজ্যোতি বৰা, ঢকুৱাখনা:
গাঁৱৰ অনুভূতিৰে এখন বিশেষ মহাবিদ্যালয়।ছাত্ৰ ছাত্ৰীক শিপাৰ সৈতে পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত প্ৰতিনিয়ত প্ৰস্তুত এই মহাবিদ্যালয়।ব্যতিক্ৰমী প্ৰদক্ষেপ আৰু ব্যতিক্ৰমী চিন্তাৰ বাবে সদা চৰ্চিত উত্তৰ অসমৰ অন্যতম আগশাৰীৰ মহাবিদ্যালয় ঢকুৱাখনা মহাবিদ্যাল(স্বায়ত্বশাসিত)ত বুধবাৰে দেখা গল অনুৰূপ পৰিৱেশ।শ্ৰেণীকোঠাৰ চাৰিবেৰৰ পৰা ওলাই আহি এজাক শিক্ষাৰ্থী বহিলহি পিঠাৰ আখলত। মহাবিদ্যালয়খনৰ দুচকীয়া বাহনৰ আস্থানতো আজি হৈ পৰিল আখল। যিফালেই চাই সেইফালেই চৌকা।মূৰত
গামোচাৰে খোপা বান্ধি শিক্ষাৰ্থী সকলে পিঠা পুৰিছে।কোনোৱে সাজিচে জলপানৰ বাতি।
নিজে ভাজিছে কেঁচা পিঠাগুৰি, পুৰিলে পিঠা।বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰিছে তিলৰ পিঠা,নাৰিকলৰ পিঠা,তৰা পিঠা,তেল পিঠা, ঘিলা পিঠা,নাৰিকলৰ চিৰা, টেকেলি পিঠা,জলপান আদি থলুৱা খাদ্য সম্ভাৰ। কোনোৱে বানকাঁহী,বানবাতিত সজাইছে কোমল চাউল আৰু চিৰাৰ জলপান।মহাবিদ্যালয়খনত চলি থকা ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ সৈতে সংগতি
ৰাখি আয়োজন কৰা হৈছে পিঠা- পনা প্ৰতিযোগিতাৰ।ছাত্ৰ ছাত্ৰীক কেৱল পাঠদানৰ মাজতে আৱদ্ধ নাৰাখি অসমীয়া পৰম্পৰাৰ শিক্ষা প্ৰদানৰ লক্ষ্য আৰু শিপাৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ উদ্দেশ্যৰে মহাবিদ্যালয়ত আয়োজন কৰা হৈছে পিঠা-পনা আৰু জলপান তৈয়াৰ কৰা প্ৰতিযোগিতা।মহাবিদ্যালয়খনৰ কেইবাটাও বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ললে পিঠা পনা প্ৰতিযোগিতাত।মহাবিদ্যালয়খনৰ
দুচকীয়া বাহনৰ আস্থানত অস্থায়ী আখল পাতি নিজেই প্ৰস্তুত কৰা বিভিন্ন পিঠা পনা, জলপান আটকধুনীয়াকৈ প্ৰদৰ্শন কৰে প্ৰতিযোগিতাত।আকৰ্ষনীয়
প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি শিক্ষাৰ্থীৰ সকলৰ মাজতো দেখা গ’ল ব্যাপক উচাহ। আধুনিকতাৰ ধামখুমীয়াত আজিৰ ছাত্ৰ -ছাত্ৰীয়ে পৰম্পৰাগত পিঠা পনাৰ সৈতে ক্ৰমে পৰিচয়হীন অৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে মহাবিদ্যালয়খনে অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে ছাত্ৰ -ছাত্ৰী সকলক এই পৰম্পৰাৰ সৈতে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা কাৰ্যই ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে। তদুপৰি এই ব্যতিক্ৰমী
প্ৰতিযোগিতাই পৰম্পৰাগত খাদ্যৰ সোৱাদ ধৰি ৰাখিবলৈ নতুন প্ৰজন্মক উৎসাহিত কৰে।ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ এই শিপা চিনাৰ প্ৰচেষ্টা চলি ৰওক অবিৰত।