...

*কলিয়াবৰৰ সৰবৰাহী যুৱক তথা সাংস্কৃতিক কৰ্মী সমীৰ গোস্বামীৰ অকাল মৃত্যু*

Spread the love

*কলিয়াবৰৰ সৰবৰাহী যুৱক তথা সাংস্কৃতিক কৰ্মী সমীৰ গোস্বামীৰ অকাল মৃত্যু*

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

নগাঁও জিলাৰ কলিয়াবৰৰ সৰবৰাহী যুৱক তথা সাংস্কৃতিক কৰ্মী সমীৰ গোস্বামীৰ সোমবাৰে অকাল মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে যুৱ সমাজক। এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে যুৱকগৰাকীয়ে। কলিয়াবৰৰ উলুৱনী গাঁৱৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰত জন্মগ্ৰহণ কৰা সমীৰ গোস্বামী স্থানীয় সাংস্কৃতিক, ক্ৰীড়া তথা সামাজিক ক্ষেত্ৰখনৰ এগৰাকী চিনাকি যুৱক আছিল। তেওঁ এগৰাকী সুদক্ষ ঢুলীয়াৰ লগতে বিহু গীতো ৰচনা কৰাৰ লগতে ভাওনা আৰু নাটকৰ লগতো জড়িত আছিল। কলিয়াবৰৰ কেইবাটাও বিহু দলৰ সক্ৰিয় সদস্য প্ৰতিভাসম্পন্ন সমীৰ গোস্বামীয়ে ১৯৯৫ চনত চেন্নাইৰ ছাউথ এছিয়ান গেমছৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিহু দলৰ এগৰাকী ঢুলীয়া হিচাপে প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি, উলুৱনীৰ সপ্তৰ্ষী পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু শ্ৰীশ্ৰীগোৱিন্দ কলাক্ষেত্ৰৰ এগৰাকী কলা-কুশলী ৰূপে অসম তথা বহিংৰাজ্যতো ভাওনা পৰিৱেশন কৰিছিল। তেওঁ মঞ্চ নাটকৰ লগতো জড়িত আছিল। অসম নাট্য সন্মিলনৰ সক্ৰিয় সদস্য হোৱাৰ লগতে অভিনৱ আৰু পূৰ্বোদয় সঙ্ঘ,সুৰক্ষা সঞ্চয়ৰ এগৰাকী সদস্য হোৱাৰ উপৰি সমীৰ গোস্বামীয়ে ফুটবল,বেডমিণ্টন, কেৰম আৰু ক্ৰিকেট খেলতো প্ৰতিভাৰ উমান দিছিল। উল্লেখ্য যে যোৱা ১৭ জানুৱাৰীত এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত তথা জনপ্ৰিয় সমীৰ গোস্বামীৰ অকাল বিয়োগত নাট্য সন্মিলন,কলিয়াবৰ প্ৰেছ ক্লাৱ,উলুৱনি যুৱ সমাজ,সপ্তঋষি সাংস্কৃতিক কেন্দ্ৰ,উদয়ংগম সাংস্কৃতিক গোষ্ঠী,শিলগুৰি বৰনামঘৰ প্ৰমুখ্যে বিভিন্ন ব্যক্তি-অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে ৷ সমীৰ গোস্বামীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *