...

বৰহোলা গ্ৰন্থমেলাৰ চতুৰ্থ দিনাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন

Spread the love

বৰহোলা গ্ৰন্থমেলাৰ চতুৰ্থ দিনাৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন

গ্ৰন্থপ্ৰেমীৰ সমাগম, ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা
বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ

যোৰহাট:

তিতাবৰৰ বৰহোলাত ২১ জানুৱাৰীৰ পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সপ্তদশ বাৰ্ষিক ‘বৰহোলা গ্ৰন্থমেলা’। আজি চতুৰ্থ দিনৰ কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। প্ৰথম দিনটোৰ পৰা আজিলৈকে গ্ৰন্থমেলাত ভালেসংখ্যক গ্ৰন্থপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হয়। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী বাবে বিভিন্ন শৈক্ষিক-সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অতি উৎসাহেৰে অংশগ্ৰহণ কৰাটো এক ইতিবাচক দিশ। আজি চতুৰ্থ দিনটোৰ পুৱা স্থানীয় তিনিখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। আবেলি একক অভিনয় আৰু অসম ভিত্তিত ভাওনা সংলাপ প্ৰক্ষেপন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কালি ২৩ জানুৱাৰীত পুৱাৰে পৰা আবেলিলৈ কুইজ, ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২২ জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত হাতৰ আখৰ, শ্ৰুতলিপি, ছবিত ৰং কৰা, নেওতা গোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ পুৱাৰে পৰা অসম ভিত্তিত ৰাভা সংগীত, পাৰ্ৱতি সংগীত, ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২৬ জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি পৰিব। বাকী থকা দুয়োটা দিনটো অঞ্চলটোৰ সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে গ্ৰন্থমেলাৰ আয়োজকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *