...

জুবিনৰ তদন্ত লেহেমীয়া হোৱাত ডিব্ৰুগড়ত জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ ক্ষোভ

Spread the love

জুবিনৰ তদন্ত লেহেমীয়া হোৱাত ডিব্ৰুগড়ত জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ ক্ষোভ

চাইন অন ডেস্ক:

জুবিন গাৰ্গৰ মৃত্যু চাৰিমাহ অতিক্রম কৰাৰ পিছতো বিচাৰ প্রক্রিয়া শামুকীয়া গতিত অগ্ৰসৰ হোৱাত আশ্চর্য প্রকাশ কৰিছে জুবিন অনুৰাগী মঞ্চ, ডিব্রুগড়ে। এক বিবৃতি যোগে মঞ্চৰ সভাপতি আহমেদ চেলিম আৰিফ আৰু সাধাৰণ সম্পাদক কৃপাল কুমাৰ ফুকনে জানিবলৈ দি কয় যে ঈশ্বৰ পুত্রৰ অবর্তমানত অসমে হেৰুৱালে এজন স্বাভিমানী অসমীয়াক। অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ অপূৰণীয় ক্ষতি হল। প্রতিজন অসমীয়াৰ প্রাণে, প্রাণে এবুকু বেদনাই চানি ধৰাৰ সময়ত চৰকাৰে জুবিন ক্ষেত্ৰৰ কৰ্মগতি আৰু নির্মাণৰ অর্থে বর্তমানলৈকে এচপৰা ইটা নেপেলোহোৱাত, জাতীয় সম্পদ জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত শুনানি নকৰাত, আৰু দৈনিক শুনানীৰ ব্যবস্থা নকৰাত, প্রধানমন্ত্রী আৰু গৃহমন্ত্রীয়ে অসস ভ্রমণৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দর্ভত এটা শব্দ ব্যক্ত নকষাত, জুবিন গাৰ্গৰ লগতে সহধর্মিনী গৰিমা গার্গ আৰু পৰিয়ালবৰ্গৰ চৰিত্র হনন কৰা কুখ্যাৎ শিখা শর্মাই চৰকাৰৰ মুখপত্ৰৰ দৰে কাম কৰাত মঞ্চই গৰিহনা দিয়াৰ লগতে ক্ষোভ প্রকাশ কৰিছে। বর্তমান সময়ত বিভেদৰ ৰাজনীতি ত্যাগ কৰি উল্লেখিত বিষয়সমূহ সমাধান কৰিবলৈ চৰকাৰৰ প্রতি আহ্বান জনাইছে জুবিন অনুৰাগী মঞ্চৰহৈ সভাপতি আহমেদ চেলিম আৰিফ আৰু সাধাৰন সম্পাদক কৃপাল ফুকনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *