য়েছে দৰজে ঠংচিক পাটকাই বুঢ়ীদিহিং সমন্বয় বঁটা প্ৰদান
চাইন অন ডেস্ক:
বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক, পদ্মশ্ৰী য়েছে দৰজে ঠংচিক আজি তিনিচুকীয়া জিলা সাহিত্য সভাই মাৰ্ঘেৰিটা মহাবিদ্যালয় গ্ৰন্থমেলা- ২০২৬ ৰ বাকৰিত পাটকাই বুঢ়ীদিহিং সমন্বয় বঁটা ২০২৬ প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত অসম
সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠিনক সম্পাদক সুনীল কুমাৰ গুৰুং, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ চাংমাই, সহকাৰী সম্পাদক মনজিৎ ৰাজখোৱা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতি, মাৰ্ঘেৰিটা মহাবিদ্যালয় গ্ৰন্থমেলা ২০২৬ ৰ যুটীয়া সম্পাদক ড০ ৰুণজুন শইকীয়া, মোলেন বৰুৱা, প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সাধাৰণ সম্পাদক মানস প্ৰতিম গগৈ
লগতে মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। মাৰ্ঘেৰিটা মহাবিদ্যালয় গ্ৰন্থমেলা ২০২৬ৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ মঞ্চত এই বঁটা প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। বঁটা প্ৰদান কাৰ্য্যসূচী পূৰ্বে শ্বহীদ তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, গছ পুলি ৰোপণ আদিৰ পাছতেই প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ কাৰ্য্যনিৰ্বাহক সভাৰ সমান্তৰাল ভাৱে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ খন অনুষ্ঠিত হয়। এই অনুষ্ঠানত শতাধিক প্ৰাক্তন ছাত্ৰী উপস্থিত থাকে। সভাত অধ্যক্ষ ড° অতনু কাকতিকো সম্বৰ্ধনা জনোৱা হয়।